31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী– সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতি দিৱস পালন

    “ভাল মানুহক সমাজে যুগে যুগে সন্মান কৰি আহিছে ।”—ৰমানাথ বৰুৱা

    ■ নলবাৰী : ‘‘অসমীয়া জাতি, সভ্যতা, ভাষা, সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বহু লোকৰ অৱদান আছে । তেওঁ‌লোক আচলতে ভগৱান তুল্য । সমাজত বহু ভাল মানুহে এতিয়াও ভাল কাম কৰি আছে । তেনে ভাল মানুহক সমাজে যুগে যুগে স্মৰণ কৰি আহিছে আৰু ভৱিষ্যতলৈও স্মৰণ কৰি থাকিব ।”— এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী আৰু সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতি দিৱসত মুখ্য অতিথি হিচাপে ভীগ লৈ তেওঁ নলবাৰীৰ দুয়োগৰাকী বৰেণ্য ব্যক্তিৰ কৰ্ম জীৱনৰ বিষয়ে আলোকপাত কৰে । সাহিত্যৰ ক্ষেত্ৰখনত ত্ৰৈলোক্যনাথ গোস্বামী আৰু হৰিনাৰায়ণ দত্ত বৰুৱা সদায় সজীৱ হৈ থাকিব বুলি উল্লেখ কৰি সাহিত্যিক বৰুৱাই নলবাৰীৰ মানুহে ভাল মানুহক সদায় স্মৰণ কৰি থাকে বুলিও কয় । দেৱীৰাম পাঠশালাৰ শ্ৰীগুৰু ভৱনত অনুষ্ঠিত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত সভাখনৰ আদিতে আদৰণি ভাষণ প্ৰদান কৰে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই । দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ নামত আয়োজিত অনুষ্ঠানৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই । বিশিষ্ট অতিথি হিচাপে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নগেন দত্ত আৰু বিশিষ্ট শিক্ষাব্ৰতী ডঃ ৰবীন দাসে উপস্থিত থাকি সাহিত্য আৰু সমাজ ক্ষেত্ৰখনত নলবাৰীৰ দুয়োগৰাকী সুযোগ্য সন্তানৰ অৱদান সন্দৰ্ভত ভাষণ আগ বঢ়ায় । সভাত জিণ্টুমণি শৰ্মাৰ ‘সূৰ্যোদয়লৈ কিমান বাকী’ নামৰ কাব্যগ্ৰন্থ এখন উন্মোচন কৰে সাহিত্যিক পেন্সন প্ৰাপক সুশীল কুমাৰ গোস্বামীয়ে । জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ , নৰেশ্বৰ কলিতা, কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, সাহিত্যসেৱী নৱদীপ বৰকটকী, নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱ তালুকদাৰ উপস্থিত থকা সভাখনৰ পূৰ্বে নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সাহিত্যসেৱী কেশৱ ডেকাই । সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ আবক্ষমূৰ্তি আৰু প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই , মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে উপাধ্যক্ষ অৰূপ শৰ্মাই । আকৌ নলবাৰী সাহিত্য সমাজৰ সন্মুখত থকা নন্দনতাত্বিক ত্ৰৈলোক্যনাথ গোস্বামীৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । অনুষ্ঠানত দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰী, শিক্ষাৰ্থীৰ লগতে জিলাখনৰ ভালেমান সাহিত্যসেৱী উপস্থিত থাকি অনুষ্ঠানৰ সৌন্দৰ্যবৰ্দ্ধন কৰে । অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds