Friday, May 16, 2025
27.3 C
Guwahati

নগাঁওত জলাশয়ত উদ্বেগজনক ভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

অসম খবৰ নগাঁও ১৯ অক্টোবৰ :

নগাঁও জিলাৰ একাধিক নৈ, সুঁতি, তিনি কুৰিৰো অধিক বিল, জলাশয়,দলনি, পিটনিলৈ শীতৰ আগমনৰ প্ৰাকমূহুৰ্ততে আগমন ঘটে দেশী বিদেশী অগনন পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ জলকেলি,কাকলিত প্ৰাণ পাই উঠিছিল অবিভক্ত জিলা খনৰ নৈ,বিল,জলাশয় সমূহ।

কিন্তু বিগত কেইটামান বছৰৰ পৰা এনে পৰীভ্ৰমী পক্ষীৰ আগমন অভাৱনীয় ভাৱে হ্ৰাস পাবলৈ ধৰা পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম প্ৰধান কাৰণ অবিভক্ত নগাঁও জিলাৰ নৈ, সুঁতি,বিল,জলাশয় সমূহৰ ভূমিত হোৱা অবাধ বেদখল। উল্লেখ্য যে, অবিভক্ত নগাঁও জিলাৰ নৈ, সুঁতি,বিল,জলাশয় সমূহৰ শ শ হেক্টৰ মাটি ইতিমধ্যে বেদখলকাৰীৰ কৱলত পৰিছে।অবিভক্ত নগাঁও জিলাৰ মৰিকলং-পোতাকলং,হাৰিভাঙ্গা, ৰৌমাৰী,ডিমৌ,১৩০নম্বৰ ৰৌমাৰী(৩৬হেক্টৰ),১৩৯নম্বৰ এৰা কপিলী,শিয়াল খাইটি,জলাগহগা,ৱাৰীডেং কেন্দুগুৰি,শিলডুৱি,৫২(এ)বৰপেটা,শুকতিপোতা,দীঘলী-পটলী,লখনাবন্ধা,লুটুমাৰী গ্ৰান্ট,চতিয়ান,বৰকপা,দীঘলী,লাওপানী,চামগুৰি,বৰঘূলি,মেৰ বিল,শিৱস্থান পোতাকলং,গুৰগুৰীয়া-বৰচিঙা,গাগলমাৰী,ফাকলি,৩নম্বৰ সোণাই খণ্ড১,৪নম্বৰ সোণাই খণ্ড ২-,১০নম্বৰ কলং খণ্ড-৪ ,৯নম্বৰ কলং খণ্ড ৩, ১৪/১৫নিশাৰী/হাৰিয়া,১২০নম্বৰ শিহুৱা পুঠিমাৰী,বৰপানী/ফাকলি,১৪১/১৪২বৰালিমাৰী/চিতলমাৰী,১৪৪নম্বৰ জুৰীয়া,৫৩নম্বৰ সোণাইবেৰা/জৰামাৰী,৮নম্বৰ কলং খণ্ড-২,১৯/২০/২১কপিলী,তুলসীজান,মাহৰোল,ননৈ,ভেৰভেৰী,সাপেখাটি,কাটিমাৰী,চুলুং,বৰপাতলি/ভাটিখালি,মিছা বিলকুঁজি বিল,কাছধৰা,এৰাকলং,বাঘমাৰী,পেনাই,এৰাকলং শেনচোৱা, চামগুৰি,গাগলমাৰী,বোকাবিল,মোৱামাৰী,বকুলগুৰি,লেতেৰী,কদমসুতি,হাঁহিলা আৰু শান্তিজান প্ৰমুখ্যে বিল সমূহৰ উপৰিও, ব্ৰহ্মপুত্ৰ,কলং,কপিলী,সোণাই, ননৈ, চম্পাৱতী,ডিজু নৈত কেইটামান বছৰৰ আগলৈকে অসংখ্য  পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে মুখৰিত কৰি ৰাখিছিল। অৱশ্যে পূৰ্বৰ তুলনাত বিগত কেইটামান বছৰৰ পৰা অবিভক্ত জিলা খনলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ সংখ্যা বহু পৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে। অবিভক্ত জিলা খনৰ নৈ, সুঁতি,বিল,জলাশয় সমূহলৈ শৰালি হাহ,ঘিলা হাঁহ,দেওহাঁহ, হাড়গিলা,উলুমৰা বা বেংগল ফ্লৰিকান,ঢেৰা,মণিয়ৰী,কণামুচৰী,ধৃতিৰাজ,কাম চৰাই,শামুকভাঙা,চাকৈচকোৱা,বৰ শৰালি,কণামুচৰী প্ৰমুখ্যে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছিল । সংগ্ৰহ -ডি বি নিউজ

- Advertisement -

Hot this week

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই...

Ultimate Guide to Vienna’s Coffee Renaissance Packed in One Weekend

Find people with high expectations and a low tolerance...

Expanding Peacefull Political Climate Gears up for this Election

Find people with high expectations and a low tolerance...

Watch Awesome Kate Halle Go Full Wiming Pro in the Bahamas

Find people with high expectations and a low tolerance...

Topics

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
scattered clouds
29 ° C
29 °
29 °
68 %
2.8kmh
33 %
Fri
27 °
Sat
35 °
Sun
35 °
Mon
35 °
Tue
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds