Wednesday, May 21, 2025
28 C
Guwahati

গোৱালপাৰাৰ দহিকটাত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টাঃ শালনিত ৰোপণ কৰিলে নেপিয়াৰ ঘাঁহ, ফল-মূলৰ গছপুলি

কেৱল আজিয়ে নহয় এতিয়াৰে পৰা প্ৰতি দেওবাৰে গাঁৱৰ যুৱক সকলে বননি খনত এনেদৰে ৰোপন কৰিব ফলমূলৰ গছ পুলি৷ ৰাইজৰ আশা এই গছ গছনিৰ ফল পাত তথা নেপিয়াৰ ঘাঁহে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰি হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব৷

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দহিকটা অঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক সন্ত্ৰাসত ইতিমধ্যে একাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ ধ্বংস হৈছে খেতি বাতি, ঘৰ দুৱাৰ৷ বন বিভাগৰ হেজাৰ চেষ্টায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই হাতীৰ সন্ত্ৰাস৷ প্ৰণিধানযোগ্য যে বন্যহস্তীৰ এই সন্ত্ৰাসৰ মূলতে হৈছে খাদ্য সংকট৷ দ্ৰুত গতিত কমি অহা বননি, ইয়াৰ বিপৰীতে বৃদ্ধি পোৱা হাতীৰ সংখ্যাই বন্যহস্তী কুলৰ মাজত খাদ্যৰ অভাৱ বঢ়াইছে৷ যাৰ বাবে গাঁৱলীয়া অঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে এফালৰ পৰা তহিলং কৰি গৈছে৷

সেয়ে এই সমস্যা কিছু পৰিমাণে হ’লেও লাঘৱ কৰাৰ চিন্তা চৰ্চা কৰিছে দহিকটাৰ ৰাইজে৷ তেওঁলোকে বন্যহস্তীৰ খাদ্যৰ বাবে দহিকটা বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ ফলমূলৰ গছৰ পুলি ৰোপণৰ উদ্যোগ গ্ৰহণ কৰিছে৷  সেই অনুসৰি আজি পুৱা ৯ বজাত দহিকটা গাঁৱৰ গাতে লাগি থকা বন বিভাগৰ শালনিৰ মাটিত ৰোপণ কৰে নেপিয়াৰ ঘাঁহ, ঔটেঙা, কঁঠাল, কল আদি ফলমূলৰ গছ পুলি৷

কেৱল আজিয়ে নহয় এতিয়াৰে পৰা প্ৰতি দেওবাৰে গাঁৱৰ যুৱক সকলে বননি খনত এনেদৰে ৰোপন কৰিব ফলমূলৰ গছ পুলি৷ ৰাইজৰ আশা এই গছ গছনিৰ ফল পাত তথা নেপিয়াৰ ঘাঁহে বন্যহস্তীৰ খাদ্যৰ অভাৱ দূৰ কৰি হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব৷

- Advertisement -

Hot this week

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
clear sky
34.2 ° C
34.2 °
34.2 °
48 %
2kmh
6 %
Wed
33 °
Thu
35 °
Fri
32 °
Sat
34 °
Sun
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds