31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতঃ নৱ তালুকদাৰক গ্ৰহণ নকৰাৰ সিদ্ধান্ত দলীয় সমৰ্থকৰ

    ● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
    গোৱালপাৰা জিলা কংগ্ৰেছৰ ভিতৰ চ’ৰাত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

    বিশেষকৈ ৩৭ নং গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে এক প্ৰকাৰ ধুমুুুহাৰ সৃষ্টি কৰিছে ৷ এই সংঘাতৰ মূলতে হ’ল আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে স্থানীয় প্ৰাৰ্থীক অৱজ্ঞা কৰি বাহিৰৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি অব্যাহত থকা এক চৰ্চা।

    এই চৰ্চাই সমষ্টিটোৰ কংগ্ৰেছৰ অন্তঃভাগত উত্তপ্ত কৰি তুলিছে ৷ কেৱল নেতা পালিনেতাই নহয় এই প্ৰসংগত জাঙুৰ খাই উঠিছে সমষ্টিটোৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সমৰ্থক সকলো ৷

    অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে সম্প্ৰতি সমষ্টিটোৰ চুকে কোণে আৰম্ভ হৈছে বিক্ষোভ ৷ এই সন্দৰ্ভত আজি আবেলি জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া মাণিকপুৰত অনুষ্ঠিত কংগ্ৰেছৰ এক কৰ্মী সভাতো সৰব প্ৰতিবাদ হোৱা পৰিলক্ষিত হয় ৷

    মাণিকপুৰ মণ্ডল কংগ্ৰেছৰ আহ্বানত চাৰিখন গাওঁ পঞ্চায়তৰ দলীয় কৰ্মী সমৰ্থকক লৈ আয়োজিত এই সভাখনত বাহিৰৰ প্ৰাৰ্থীৰ পৰিবৰ্তে স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তোলা হয় ৷ মোজাফ্ফৰ নুৰ ইছলামৰ সভাপতিত্বত আয়োজিত সভাখনত বক্তা সকলে পলাশবাৰীৰ নৱজ্যোতি তালুকদাৰৰ বাহিৰে বাকী ১২ গৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজৰ পৰা যিকোনো এজন যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে আহ্বান জনায় দলটোৰ হাই কমাণ্ডক ৷

    এই সন্দৰ্ভত ভাষণ প্ৰদান কৰে জাহানুদ্দিন আহমেদ,ৰেকাবুদ্দিন আহমেদ,মাৰ্চিলা চাংমা,ইমৰাণ হুছেইন,বদৰুদ্দিন আহমেদকে ধৰি বহু স্থানীয় কংগ্ৰেছী নেতা কৰ্মীয়ে ৷ উল্লেখ্য যে, আজি আবেলি ৪ বজাৰ পৰা অনুষ্ঠিত সভাখনত মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নাজিয়া হুছেইন, টুকুৰা বৰমোহৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী  মাৰ্চিলা চাংমা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা চাংমা, অধিবক্তা জাহানুদ্দিন আহমেদকে ধৰি শতাধিক দলীয় সমৰ্থক উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds