31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    গোঁহাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যক্ষ্মা সজাগতা সভা আৰু বক্তৃতা প্ৰতিযোগিতা

    গোঁহাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যক্ষ্মা সজাগতা সভা আৰু বক্তৃতা প্ৰতিযোগিতা

        সোমবাৰে গোঁহাই কমল উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত  যক্ষ্মা ৰোগৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। 
    বিদ‍্যালয়ৰ জ‍্যেষ্ঠ বিষয় শিক্ষক ৰাজেন বৰাৰ সভাপতিত্বত হোৱা এই অনুষ্ঠানত লক্ষিমপুৰ জিলাৰ জ‍্যেষ্ঠ যক্ষ্মা চিকিৎসা পৰ্যবেক্ষক জিতুল সোনোৱাল আৰু ভাস্কৰ কলিতা আৰু লক্ষিমপুৰ জিলাৰ টি.বি/এইজ.আই.ভি সমন্বয়ক লিখন গগৈ ডাঙৰীয়াই উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ সন্মুখত যক্ষ্মা সম্পৰ্কীয় সজাগতামূলক ভাষণ প্ৰদান কৰে । 
    এই অনুষ্ঠানত  বিদ‍্যালয়ৰ অধ‍্যক্ষ মনোজ কুমাৰ বৰাৰ লগতে সকলো শিক্ষক- কৰ্মচাৰী উপস্থিত থাকে । 
    শিক্ষক কৰ্মচাৰীৰ হৈ চমুকৈ সহকাৰী শিক্ষক ক্ৰমে জ‍্যোতি প্ৰসাদ হাজৰিকা ভাস্কৰজ‍্যোতি শৰ্মা আৰু নবীন কুৰ্মীয়ে সজাগতামূলক মন্তব‍্য আগবঢ়াই সকলো ছাত্ৰ ছাত্ৰীকে নিজে সজাগ হোৱাৰ ওপৰিও নিজ অঞ্চলৰ লোক সকলকো সজাগ কৰিবলৈ আহ্বান জনায় । 
    উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি থিতাতে ছাত্ৰ ছাত্ৰীৰ মাজত যক্ষ্মা সম্পৰ্কীয় বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু বিচাৰক হিচাপে সহকাৰী শিক্ষক ভাস্কৰ শৰ্মা আৰু নবীন কুৰ্মীক দায়িত্ব অৰ্পন কৰা হয় । 
    মুঠ ১২ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰাত প্ৰথম পুৰস্কাৰ লাভ কৰে চয়নিকা ভূঞা,দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডিম্পী বৰুৱা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে পৰিস্মিতা চেকনীধৰাই । তিনিও বিজয়ী প্ৰতিযোগীকে একোখনকৈ গ্ৰ্ন্থৰে পুৰস্কৃত কৰা হয় ।
    শেষত সভাপতিৰ আসনৰ পৰা ৰাজেন বৰাদেৱে বিজয়ী সকলৰ লগতে সকলো অংশগ্ৰহণকাৰিকে অভিনন্দন জ্ঞাপন কৰি সকলোকে যক্ষ্মা সম্পৰ্কে সজাগ সচেতন হ'বলৈ আহ্বান জনায় আৰু লক্ষিমপুৰ জিলা স্বাস্থ‍্য সমাজক এনে উপযোগি  সজাগতামূলক অনুষ্ঠান আয়োজিত কৰাত ধন‍্যবাদ জ্ঞাপন কৰে ।                            
            নাৰায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds