31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    অসম বিজ্ঞান সমিতিৰ অগতানুগতিক বিজ্ঞান সম্প্ৰসাৰণ কাৰ্যসূচীৰ সফল শুভাৰম্ভ

    অসম বিজ্ঞান সমিতিৰ অগতানুগতিক বিজ্ঞান সম্প্ৰসাৰণ কাৰ্যসূচীৰ সফল শুভাৰম্ভ

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৯ ডিচেম্বৰ ঃ অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখা আৰু আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ উদ্যোগত কালি বিশ্বনাথ মহাবিদ্যালয়ৰ আলোচনা গৃহত বিয়লি ২বজাত বিজ্ঞান শিক্ষা, বিজ্ঞান সাহিত্য, বিজ্ঞান জনপ্ৰিয়কৰণৰ উমৈহতীয়া মঞ্চৰ পৰিকল্পনাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে আঁত ধৰা সভাখনৰ সভাপতিৰ আসন অলংকৃত কৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই।অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক ড০ সঞ্জীৱ উপাধ্যায়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জিলাখনৰ ৭খন মহাবিদ্যালয়ৰপৰা অহা প্ৰতিনিধি, অসম বিজ্ঞান সমিতিৰ শাখাৰ সভাপতি সম্পাদক, আজীৱন সদস্য সকলোকে আদৰণি জনাই ভাষণ প্ৰদান কৰে শাখাৰ সভাপতি ড০ প্ৰদীপ কুমাৰ মহন্তই। অসম বিজ্ঞান সমিতিৰ সভাপতি ড০ মোহন চন্দ্ৰ কলিতাক মুখ্য অতিথি হিচাপে আদৰণি জনাই বিশ্বনাথ চাৰিআলি শাখাৰ আজীৱন সদস্যা অধ্যাপিকা জ্যোতিকণা দাস তামুলী আৰু ড০ কৰবী গগৈয়ে। সভাৰ মূল আলোচ্য বিষয়সমূহৰ ভিতৰত অসম বিজ্ঞান সমিতিৰ প্ৰকাশনসমূহৰ প্ৰচলন, বিজ্ঞান জেউতি আলোচনীখন ছাত্ৰ-ছাত্ৰী, বিজ্ঞান প্ৰেমী পাঠকৰ বাবে সহজলভ্য কৰা, নতুনকৈ আজীৱন সদস্যৰ নামভৰ্তি, বিহালী বিজ্ঞান সমিতিৰ শাখাৰ পুনৰ সক্ৰিয়কৰণ আৰু প্ৰতি বছৰে জিলাখনত কেন্দ্ৰীয়ভাৱে মহাবিদ্যালয় আৰু শাখাৰ উদ্যোগত বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যসূচী ৰূপায়ণৰ ওপৰত আলোচনা কৰা হয়। আলোচনাত অংশগ্ৰহণ কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী দীক্ষাগুৰু ড০ ৰনেন্দ্ৰ নাথ বৰ্মন, ছয়দুৱাৰ মহাবিদ্যালয়ৰ ড০ সৌমিত্ৰ বৰুৱা, ড০ বিপুল শইকীয়া, কলাবাৰী মহাবিদ্যালয়ৰ ড০ পাৰ্থ প্ৰতিম শইকীয়া, বিহালী স্নাতক মহাবিদ্যালয়ৰ ড০ প্ৰাঞ্জল মহন্ত, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ড০ সঞ্জীৱ উপাধ্যায়ে। বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী দীক্ষাগুৰু ড০ ৰনেন্দ্ৰ নাথ বৰ্মন আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিপুল শইকীয়াই অসম বিজ্ঞান সমিতিৰ বৰ্তমান উপলব্ধ সকলো প্ৰকাশিত কিতাপ মহাবিদ্যালয়ৰ পুথিভড়ালৰ কাৰণে ক্ৰয় কৰাৰ কথা ঘোষণা কৰে। জিলাখনৰ তিনিওখন আগশাৰীৰ মহাবিদ্যালয়ৰ সিদ্ধান্তক সন্মান জনাই আন শৈক্ষিক প্ৰতিষ্ঠান সমূহেও অসম বিজ্ঞান সমিতিৰ কিতাপ ক্ৰয় কৰাৰ সিদ্ধান্তত সহমত ব্যক্ত কৰে। ইয়াৰ পিছতে আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ দ্বাৰা অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ নীলপুৰস্থিত কাৰ্যালয় প্ৰাঙ্গনত ২০১৮ চনত স্থাপিত ‘তীৰ্থেশ্বৰ শৰ্মা বনৌষধী উদ্যান’ৰ দায়িত্ব আকাশ শিশু বিজ্ঞান অনুষ্ঠানৰ সভাপতি ক্ষীৰধৰ বৰুৱাই ৰাজহুৱাভাৱে বিজ্ঞান সমিতি শাখাৰ সভাপতি ড০ প্ৰদীপ কুমাৰ মহন্তক অৰ্পন কৰে।কাৰ্যসূচীৰ শেষৰফালে গুৱহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট বিজ্ঞানী ড০ মোহন চন্দ্ৰ কলিতাই চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ ষষ্ঠখন গ্ৰন্থ ‘বিজ্ঞান অৰঙে দৰঙে’ উন্মোচন কৰে। উন্মোচক মোহন চন্দ্ৰ কলিতাই শিক্ষক বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষা প্ৰদান কৰবলৈ ধাননি পথাৰ, নৈ-বিল, বন-জংঘল আদিক জীৱন্ত পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰা অগতানুগতিক কৌশলসমূহক ভূয়সী প্ৰশংসা কৰে। বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ৰিপুঞ্জয় বৰদলৈৰ ‘বিজ্ঞান অৰঙে দৰঙে’ দৰে পুথিসমূহে বিজ্ঞান সাহিত্যৰ ভড়াল চহকী কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি মত ব্যক্ত কৰে।বিশ্বনাথ জিলাৰ প্ৰায় পঞ্চাশ গৰাকী বিজ্ঞান কৰ্মী উপস্থিত থকা সভাখনত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকা, অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ, বিশিষ্ট শিক্ষাবিদ সন্ধ্যা পাঠক, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ জেষ্ঠ বিজ্ঞানী ড০ ভক্ত প্ৰসাদ গৌতম, ড০ ৰত্ন কিংকৰ গোস্বমী, ড০ হেমেন্দ্ৰ চৌধুৰী, চাৰিআলি উচ্চতৰ বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক দীজেন হাজৰিকা, বিশ্বনাথ মহাবিদ্যালয়ৰ ড০ গুনিন বৰা, ড০ বিশ্বজিৎ শৰ্মা ড০ দেৱাশিষ শৰ্মা, ড০ ললিত বৰুৱা, ভবেন বৰুৱা, ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ নৱজ্যোতি ওজা, খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমাঙ্গ হাজৰিকা, চায়েণ্টিফিক টেম্পাৰমেণ্টৰ অংশুমান হাজৰিকাই অসম বিজ্ঞান সমিতিৰ বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰাৰ বিভিন্ন কৌশল অৱগত কৰি মত ব্যক্ত কৰে।সন্ধ্যা ৭ বজাত সভাপতি ক্ষীৰধৰ বৰুৱাৰ ভাষণৰে সভাৰ সফল সামৰণি পৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds