31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ পাভৈ চাহ বাগিচাত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্হিতি বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰিলে বাগিছাৰ কাৰ্যালয়

    বিশ্বনাথৰ পাভৈ চাহ বাগিচাত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্হিতি বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰিলে বাগিছাৰ কাৰ্যালয়

    বিশ্বনাথ ১৩ জুন

    বিশ্বনাথৰ পাভৈ চাহ বাগিচাত আজি সংঘটিত এক দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যুৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।শ্ৰমিকজনৰ মৃত্যুৰ পিছত আটছাই ক্ষতিপূৰণৰ দাবীত বাগিছাখনৰ পৰিচালকক আনকি জবাবদিহিও কৰিছে।জানিব পৰামতে ট্ৰেক্টৰৰ চেপাত এজন শ্ৰমিকৰ মৃত্যুৰ পিছতে পৰিস্থিতি উতপ্ত হৈ পৰে।একাংশ শ্ৰমিকে এই ঘটনাৰ ন্যায় বিচাৰি ঘেৰাও কৰিছে বাগিছাৰ কাৰ্যালয়। উল্লেখ্য যে আজি বাগিছাৰ ২৪ নম্বৰ চেকচনত পাত কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি মৃত্যু হয় বাগিছাৰ অস্হায়ী কৰ্মচাৰী মোহন খদালৰ(৩৫)। ইয়াৰ পিছতে আটছাৰ সহযোগত বাগিছাৰ শ্ৰমিক সকলে ক্ষতিপূৰণ বিচাৰি ঘেৰাও কৰে বাগিছাৰ কাৰ্যালয়।প্ৰতিবাদী শ্ৰমিকে মৃতকৰ পৰিয়ালক ১৫ লাখ টকা আদায় দিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালৰ লোকক স্হায়ী সংস্হাপন আৰু আশ্ৰয়ৰ বাবে পকীঘৰৰ ব্যৱস্হা কৰাৰ দাবী তোলে। প্ৰতিবাদস্হলীত বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্হ বিষয়া উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।একাংশ বাগিছাত এনে সময়ত এনে ধৰণৰ অঘটনে শ্ৰমিকৰ প্ৰাণ হানি কৰি আহিছে বুলিও অভিযোগ উঠিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds