দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি মহিলা বিশ্বকাপত ভাৰতীয় দলটো চেম্পিয়ন হয়।ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে চেম্পিয়ন ভাৰতীয় দলক ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিশ্বকাপ খিতাপ অৰ্জনৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰিছে।
#worldcup #womencricket #cricketlovers #cricketnews #cricketlovers #SportsNews





