31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ সংঘটিত হল এক শোকাবহ ঘটনা

     

    বি পি এল গ্ৰাহকক বিনামূলীয়া বিদ্যুতৰ নামত নিম্ন মানদণ্ডৰ তাঁৰ যোগান ধৰাৰ বাবেই বিদ্যুতপৃষ্ট হৈ মাতৃ আৰু কন্যাৰ মৃত্যু

    বিশ্বনাথত আজি সংঘটিত হল এক শোকাবহ ঘটনা।একেলগে বিদ্যুতপৃষ্ট হৈ মৃত্যু হ’ল মাতৃ আৰু কন্যাৰ। উল্লেখ্য যে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক চৰকাৰে প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ সংযোগৰ নামত বিদ্যুৎ বিভাগে অতি নিম্ন মানদণ্ডৰ তাঁৰ যোগান ধৰাৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলি অভিযোগ তুলিছে স্হানীয় ৰাইজে। জানিব পৰা মতে আজি বিশ্বনাথৰ পূৱ ভিৰৰ গড়ভিতৰৰ ফইজুল আহমেদৰ পত্নী লালভানু খাতুনে (৩৪) গা ধুই ঘৰৰ চোতালত থকা তাঁৰত কাপোৰ মেলিবলৈ গৈছিল। কাপোৰ মেলোতেই বিদ্যুতপৃষ্ট হয়। লগে লগে মাতৃক কাপোৰ মেলা তাঁৰত লাগি কপি থকা প্ৰত্যক্ষ কৰি ওচৰতে থকা কন্যা ফৰিদা খাতুনে মাতৃক বচাবলৈ ধৰোতেই ফৰিদাও বিদ্যুপৃ্ষ্ট হয় আৰু সেই স্হানতেই মাতৃ আৰু কন্যাৰ মৃত্যু হয়। লালভানুৰ চোতালত ধোৱা প্ৰতক্ষ্য কৰি স্থানীয় লোকে সেই স্থানত উপস্হিত হৈ লালভানু আৰু কন্যাক কাপোৰ মেলা তাঁৰত লাগি থকা প্ৰতক্ষ্য কৰে।

     

    দৰাচলতে মৃত লাল ভানুৰ ঘৰৰ মিটাৰলৈ যোৱা তাঁৰ দাল নিম্ন মানদণ্ডৰ হোৱাৰ বাবে গলি কাপোৰ মেলা তাঁৰত লগ লাগি আছিল।তিতা কাপোৰ সেই বিদ্যুতৰ তাঁৰত লাগি এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। পিছৰ পৰ্যায়ত লালভানু আৰু কন্যা ফৰিদা খাতুনক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে।এনেদৰে মাতৃ কন্যাই একেলগে অকাল মৃত্যুক সাবতি লব লগীয়া ঘটনাই সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পেলাই

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.