31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীৰ MBF ইটা ভাটাত উত্তপ্ত পৰিস্থিতি/ আৰক্ষী- অৰ্ধসামৰিক বাহিনী নিয়োগ আহত এজন,কেথলিক হস্পিতালত চিকিৎসাধীন

    বিহালীৰ MBF ইটা ভাটাত উত্তপ্ত পৰিস্থিতি/ আৰক্ষী- অৰ্ধসামৰিক বাহিনী নিয়োগ আহত এজন,কেথলিক হস্পিতালত চিকিৎসাধীন

     বিহালী ১৬ জানুৱাৰী

    বিহালীৰ কুলাগুৰীৰ শিয়ালমাৰী MBF নামৰ ইটা ভাটাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাটাৰ মালিক জাকিৰ খানৰ নিৰ্দেশত পথচাৰীক ধৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ।
    অভিযোগ অনুসৰি বিহালীৰ বৰগাংৰ ভূ মাফিয়া তথা ইটা ভাটাৰ মালিক তথা কয়লা ব্যৱসায়ী ৰূপে জনাজাত জাকিৰ খানৰ নিৰ্দেশত বৰপেটাৰ পৰা আহি ভাতাটোত শ্ৰমিক হিচাপে কৰ্মৰত থকা একাংশ শ্ৰমিকে সামান্য কথাত কুলাগুৰী আদিবাসী সম্প্ৰদায়ৰ লোকৰ এজন শিশুয়ে চাইকেল চলাই পথৰে গৈ থকা অৱস্থাত কেচা ইটা কঢ়িওৱা এখন ঠেলাত খুন্দা মৰাক কেন্দ্ৰ কৰি শিশুটিক বৰপেটাৰ শ্ৰমিক কেইজনে পথৰ পৰা চুচুৰাই ইটা ভাটাত মালিক জাকিৰ খানৰ সন্মুখতে গছকি গছকি ইটাৰে উপৰ্জুপৰি প্ৰহাৰ কৰে। ইফালে পুত্ৰক এই দৰে প্ৰহাৰ কৰাত পিতৃয়ে বচাবলৈ যোৱা পিতৃকো ভাটাটোৰ মালিক জাকিৰ খানৰ নিৰ্দেশত পুনৰ গুৰুলা গুৰুলকৈ মাৰ ধৰ কৰি গুৰুতৰ ভাৱে আহত কৰা অভিযোগ।আহত যোচেফ ডাং বৰ্তমান কেথলিক হস্পিতালত চিকিৎসাধীন হৈ আছে। ইফালে এই ঘটনাটো সহজ ভাৱে লব পৰা নাই বিহালী আটছা, আছাকে ধৰি স্থানীয় লোকে।

    ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে ভোক্তভোগীৰ পৰিয়ালে। আনহাতে ঘটনাটোৰ সৈতে জড়িত ১১জনকৈ লোকক বিহালী আৰক্ষীয়ে আটক কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds