31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    কথা সাগৰফেনা

    কথা সাগৰফেনা

    কুহুমীয়া পানীৰ জুৰিটিত
    এমুঠি ডৰিকণাই বগুৱা বাই
    আকাশৰ মূধচলৈ উঠে,
    কুৰুকি কুৰুকি শিলৰ বুকুবোৰ খাই
    জুৰিলৈ সাগৰখন বোৱাই আনে।

    জলকুঁৱৰীয়ে কথা কয় ঢৌবোৰৰ।
    ভৰিৰ পতাত ঢৌবোৰ মাছ,
    পিছে ঢৌবোৰ কান্ধলৈ বেগাই উঠিলে
    জলকুঁৱৰীও মৰে,
    দূৰৈৰ বনত ফেউৰাই ৰাউচি জুৰে।

    বুকুৰ ছটত শেলুৱৈ বহিলে
    কল্পনা বিষাদ হয়,
    বুঢ়ীমাইৰ আখলত
    বালিঘৰবোৰ কুঁচিমুচি বহে !
    বিম্বাশৱদে সাগৰফেনাৰ সাধুটো
    নামি নাহে মানে…

    ড° উত্তম বৰুৱা 

    অধ্যাপক শিৱসাগৰ মহাবিদ্যালয়

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.