31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাঃ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ষ্ট্ৰীট লাইটৰ পোহৰ পালে গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ খানামুখৰ ফুকনৰপাৰবাসীয়ে

    জালুকবাৰীঃ গুৱাহাটী মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ বিভিন্ন বাট-পথসমূহত ৰাইজৰ সুবিধাৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপৰিও গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে গঠন কৰা গুৱাহাটী ইউটিনিমাছ কোম্পানী লিমিটেড (জি ইউ চি এল) নামৰ প্ৰতিষ্ঠানটোৱে ষ্ট্ৰীট লাইট সংস্থাপনৰ কাম কৰি আহিছে। কিন্তু তাৰ পাছত ইমানবোৰ এজেঞ্চী বা চৰকাৰী সংগঠন থকা স্বত্বেও গুৱাহাটীৰ কেবাটাও ৱাৰ্ডৰ বহু পথ-উপপথত ষ্ট্ৰীট লাইট সংস্থাপনৰ কাম হোৱা নাছিল। ফলত সন্ধিয়া আন্ধাৰ হলেই চুৰি, ডকাইতিকে ধৰি অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছিল। ইয়াৰ মাজতে সমষ্টি পুনৰ গঠনৰ পাছত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ এক নম্বৰ ৱাৰ্ডৰ খানামুখৰ ফুকনৰপাৰ চুবুৰীটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত ২৪ অক্টোবৰৰ পৰা প্ৰথমবাৰৰ বাবে ষ্ট্ৰীট লাইটৰ পোহৰৰ মুখ দেখিবলৈ সক্ষম হয়।

    ষ্ট্ৰীট লাইট সংস্থাপন আঁচনিখনত আগভাগ লোৱা অঞ্চলটোৰ বাসিন্দা তথা জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাই জানিবলৈ দিয়া মতে বিগত প্ৰায় এমাহ পূৰ্বে নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে মাত্ৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ, শিৱ মন্দিৰ আৰু খানামুখ ৰাজহুৱা নামঘৰত চোৰে মূল দুৱাৰৰ তলা ভাঙি নগদ ধন আৰু ভক্তই দান হিচাপে প্ৰদান কৰা বিভিন্ন আ-অলংকাৰ চুৰি কৰি নিছিল। তাৰ পাছত তেওঁ অঞ্চলটোৰ বাট-পথ আন্ধাৰ হৈ থকাৰ সুযোগতে চোৰে যে তিনিটাকৈ মন্দিৰ, নামঘৰ আদিত চুৰিকাৰ্য সংঘটিত কৰিছে সেই বিষয়টো ব্যক্তিগতভাৱে মূখ্যমন্ত্ৰীক অৱগত কৰি খানামুখৰ পৰা নমসুদ্রপাৰা হৈ লংকেশ্বৰ সংযোগী পথটো পোহৰাই তোলাৰ বাবে ষ্ট্ৰিট লাইট সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবল অনুৰোধ জনাইছিল।

    ইয়াৰ ভিতৰত ৰাজহুৱা নামঘৰ আৰু লক্ষ্মী মব্দিৰত পূৰ্বতেও চুৰিকাণ্ড সংঘটিত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সেই অনুৰোধ অনুসৰি জি ইউ চি এলৰ পৰিচালন সঞ্চালক মুগ্ধজ্যোতি মহন্তক খানামুখত ষ্ট্ৰীট লাইট সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ অনুসৰি জি ইউ চি এলৰ ফালৰ পৰা খানামুখ – লংকেশ্বৰ সংযোগী পথত প্ৰথম পৰ্যায়ত ৫০০ মিটাৰ অংশত দহটা উচ্চ পোহৰযুক্ত ষ্ট্ৰীট লাইট সংস্থাপনৰ কাম আৰম্ভ কৰে। তাৰ পাছত ২৪ অক্টোবৰৰ পৰা খানামুখৰ ফুকনৰপাৰৰ বাসিন্দা সকলে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ষ্ট্ৰিট লাইটৰ পোহৰৰ মুখ দেখিবলৈ সক্ষম হয়। জি ইউ চি এলৰ সূত্ৰই সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি খানামুখ-লংকেশ্বৰ সংযোগী পথটোৰ বাকী অংশখিনীত পৰ্যায়ক্ৰমে ষ্ট্ৰীট লাইট সংস্থাপনৰ কাম আৰম্ভ কৰা হব।

    ইফালে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে খানামুখত ষ্ট্ৰীট লাইট সংস্থাপনৰ কাম আৰম্ভ কৰাৰ বাবে অঞ্চলটোৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক সংগঠন খানামুখ মিলন সংঘ, খানামুখ যুৱ সমাজ, খানামুখ মহিলা সমিতি, জ্ঞানমালিনী বিকশিত মহিলা দল, খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে মূখ্যমন্ত্ৰীৰ এই তৎপৰতাৰ শলাগ লৈছে আৰু খানা নৈৰ দুয়োটা পাৰত থকা আটাইকেইটা পথতে ষ্ট্ৰীট লাইট সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। এই সন্দৰ্ভত বিজেপিৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি কমল দে’ই জানিবলৈ দিয়া মতে সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পুৰ্বৰ পশ্চিম গুৱাহাটীৰ অঞ্চল সমূহত উন্নয়নৰ কাম সমূহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মনোনিবেশ কৰাৰ লগতে বিজেপি দলৰ সকলো কাৰ্যকৰ্তাকে ৰাইজৰ লগত অহৰহ যোগাযোগ ৰাখি চৰকাৰী আঁচনি সমূহৰ সুফল যাতে সকলো লোকে লাভ কৰে আৰু কোনেও যাতে ইয়াৰ পৰা বঞ্চিত হবলগা নহয় তাৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিছে। আনকি দুৰ্গা পূজা, মনসা পূজাকে ধৰি ৰাজহুৱা অনুষ্ঠান সমূহতো মূখ্যমন্ত্ৰী গৰাকীয়ে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি ৰাইজৰ অভাৱ – অভিযোগৰ বুজ লৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds