Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যাক আৱিৰ্ভাব মহোৎসৱ

- Advertisement -

ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যাক আৱিৰ্ভাব মহোৎসৱ

সংবাদদাতা ৰঙিয়া ৩০ অক্টোবৰ।

 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ শাখাৰ উদ্যোগত শংকৰ মাধৱ আঞ্চলিক শাখাৰ সৌজন্যত জলজলী প্ৰাথমিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জলজলী প্ৰাথমিক শাখাৰ নামঘৰত আৰম্ভ হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ৫৭৪ সংখ্যাক আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হয়।

 

অনুষ্ঠানৰ প্ৰথম দিনাৰ কার্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ভবেশ কলিতা।

উক্ত মহোৎসৱ ভাগত  উপস্থিত থাকি মহাপুৰুষ গুৰুজনাই অসমৰ সামাজিক,সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনলৈ আগবঢ়াই থৈ যোৱা সুবিশাল অৱদান-অৰিহনা সন্দৰ্ভত আলোকপাত কৰে বিধায়ক কলিতাই।

উল্লেখযোগ্য যে উক্ত মহোৎসৱত উদযাপন সমিতিৰ বিষয়ববীয়াই কিছুদিন আগতে মহোৎসৱভাগি সাফল্য মণ্ডিত কৰি তুলিবলৈ আয়োজিত এখনি প্ৰস্তুতি সভাত স্থানীয় আই মাতৃ সকলক থলুৱা খাদ্য তথা বস্ত্ৰ সামগ্ৰী প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনাইছিল কলিতাই আৰু উক্ত আহ্বানৰ প্ৰতি সমৰ্থন জনাই স্থানীয় আই মাতৃসকলে তাঁতশালত নিজ হাতে প্ৰস্তুত কৰি উলিওৱা ৩০০ খন গামোছা ৩০০০ হাজাৰটা নাৰিকলৰ লাৰু ৩০০০পিঠাৰ লগতে বিভিন্ন থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ জনোৱাৰ ওপৰিও কিছু খাদ্যৰ সোৱাদ লয় বিধায়ক কলিতাই।

 

তাৰোপৰি আগন্তুক দিনবোৰত জলজলী গাঁওবাসী ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

দুদিনীয়াকৈ আয়োজিত মহোৎসৱভাগিৰ প্ৰথম দিনাৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলা বাবে বাপ বান্ধৱ আই মাতৃ সকলৰ লগতে স্থানীয় জলজলীবাসী ধৰ্মপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

Hot this week

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °