ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূর্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুয়ো প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ’ব পাৰে। ইপিনে এছ আই টিয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে।
সিদ্ধাৰ্থ শৰ্মাৰ পৰা তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মোবাইল আৰু এটা বেগ জব্দ কৰিছে। এই বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে।
ইয়াৰ মাজতে তদন্তকাৰী গোটে আজি পুনৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপণ গাৰ্গ আৰু কণ্ঠশিল্পী অমৃতপ্রভা মহন্তক পুনৰ জেৰা কৰে। গুৱাহাটীৰ উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাই ঘটনা সন্দৰ্ভত তিনিওকে জেৰা কৰে।






