Friday, May 23, 2025
27 C
Guwahati

বিশ্বনাথত পথ সুৰক্ষা সমিতিৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত পথ সুৰক্ষা সমিতিৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন

দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এনএইচআইডিচিএলক যাৱতীয় নিৰ্দেশ

বেদেতী ৰে’ল ষ্টেচন সংযোগী নতুন পথ নিৰ্মাণ কৰাৰো নিৰ্দেশ

বিশ্বনাথ চাৰিআলি, ২৯ জুন:

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ পৰা গহপুৰলৈ নিৰ্মীয়মান চাৰি শৰণীয়া পথৰ বিভিন্ন দুৰ্ঘটনাপ্ৰৱন স্হান আজি পৰিদৰ্শন কৰে বিশ্বনাথৰ পথ সুৰক্ষা সমিতিয়ে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানী আৰু অসম আৰক্ষী সেৱাৰ বিষয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱাই পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা লোকনিৰ্মান বিভাগ, বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্যমন্ত শৰ্মা আৰু পথ সুৰক্ষা সমিতিৰ সদস্যৰ সৈতে বিশ্বনাথৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে। জানিব পৰা মতে পৰিদৰ্শনকাৰী দলটোৱে পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনিয়াৰিঙৰ অধীনত নিৰ্মীয়মান বিশ্বনাথৰ সাধাৰু এলেকা পৰিদৰ্শন কৰাৰ উপৰিও বিশ্বনাথৰ পৰা গহপুৰলৈ প্ৰায় ৬০ কিলোমিটাৰ চাৰি শৰণীয়া পথ নিৰ্মাণৰ দায়িত্বত থকা হাৰিয়ানাৰ ধতৰৱাল কনষ্ট্ৰাকছনৰ অধীনস্হ নিৰ্মীয়মান পথৰ ৰতোৱা, বৰগাং আৰু বেদেতীৰ একাধিক এলেকা পৰিদৰ্শন কৰে। উল্লেখ্য যে, পথ সুৰক্ষা সমিতিৰ অন্যতম্ সদস্য তথা বিশ্বনাথৰ জিলা পৰিবহন বিষয়া কৃষ্ণকান্ত চেতিয়া, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডৰ কনচালটেন্ট অশোক চাহা, লোকনিৰ্মান বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দ্ৰ শৰ্মা আৰু অন্যান্য বিষয়াসকলৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষা সমিতিৰ সদস্যসকলে এনে সকলো স্থানৰ বিষয়ে বিশ্লেষণ আৰু আলোচনা কৰাৰ লগতে সুৰক্ষামূলক পথ সুৰক্ষা ব্যৱস্থা যেনে ছাইনেজ, ৰাম্বল ষ্ট্ৰিপ, ডিলাইনেটৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডক নিৰ্দেশনা প্ৰদানৰ পোষকতা কৰে ।

 

লগতে ভ্ৰমণৰ সময়ত ভুল ফালৰ পৰা গাড়ী চলোৱা সকলো বাহনৰ বিৰুদ্ধে প্ৰয়োজনীয় কাৰ্যব্যৱস্থাও গ্ৰহণ কৰে। ইয়াৰ উপৰিও, সম্প্ৰতি চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বন্ধ কৰি ৰখা বেদেতীৰ ৰে’ল ষ্টেচনলৈ নতুন সংযোগ পথ নিৰ্মাণৰ বাবেও ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেডক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ বেলিকা বিভিন্ন ঠাইৰ বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পথ সুৰক্ষা সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীৰ বিশেষ তৎপৰতাত আজি পথ সুৰক্ষা সমিতিৰ পথ পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক’লা স্হান আৰু দুৰ্ঘটনা প্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি এই স্হান সমুহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক মহকুমাধিপতি গৰাকীয়ে যাবতীয় নিৰ্দেশনা প্ৰদান কৰিছে।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
24.6 ° C
24.6 °
24.6 °
91 %
1.2kmh
66 %
Fri
25 °
Sat
36 °
Sun
31 °
Mon
26 °
Tue
29 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds