31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ স্মৰণ

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ স্মৰণ

    অসম খবৰ বিশ্বনাথ চাৰিআলি, ২০ জুন: বিশ্বনাথতো বহুমূখী প্ৰতিভাৰ অধিকাৰী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক আজি সশ্ৰদ্ধ স্মৰণ কৰা হয়। সংস্কৃতিৰ পূজাৰী, জনতাৰ প্ৰাণৰো প্ৰাণৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি আজি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।বিশ্বনাথৰ বানিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা এই চৰকাৰী অনুষ্ঠানত শিল্পী কলাগুৰুৰ প্ৰতিকৃতিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ পাতনি মেলে বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্তদ্বয় পুষ্পাংকৰ পাতিৰ, বিচিত্ৰা দাস প্ৰমুখ্যে বিষয়া সকলে। অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত সমবেত বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে চাৰিআলি আদর্শ বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী সকলে। বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰাৰ উপৰিও বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভাদেৱৰ জীৱন আৰু কৃতিক স্মৰণ কৰি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে।

    মণ্ডল সমল কেন্দ্র সমন্বয়ক অঞ্জন বৰাই পৰিচালনা কৰা আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থকা আজিৰ অনুষ্ঠানত কন্ঠশিল্পী নীলাক্ষী দেৱী, দেৱলিনা শইকীয়া, সম্রাজ্ঞী কাশ্যপ, জোনমণি বেগম, মৈত্রেয়ী দত্ত, সাগৰিকা গগৈ আদিয়ে বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰাৰ উপৰিও বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী ৰুবী ধৰে বিষ্ণু ৰাভা সংগীতৰ আধাৰত নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। জিলা প্ৰশাসনৰ এই অনুষ্ঠানত আজি তেজপুৰত অনুষ্ঠিত হোৱা বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds