● ছিংগাপুৰ আৰক্ষীয়ে জনপ্রিয় অসমীয়া শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তক প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতিলিপিৰ সৈতে তেওঁৰ মৃত্যুৰ প্ৰাৰম্ভিক তথ্যও ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়া হৈছে। সম্প্রতি এই বিষয়ত আৰক্ষীৰ তদন্ত চলি থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক বিষয়টোৰ সৈতে জড়িত কোনো ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও এছ আই টিয়ে কেইবাদিনো দুয়োকো জেৰা কৰিছিল। দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে পুনৰ জেৰা কৰিব বুলি জানিব পৰা গৈছে।
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুয়োজন প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ’ব পাৰে। ইপিনে এছ আই টিয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে।
ইপিনে, ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সাগৰলৈ যোৱা ছিংগাপুৰৰ অসম এছোচিয়েছনৰ ১১জন সদস্যকো অহা ৬ অক্টোবৰত হাজিৰ হ’বলৈ তদন্তকাৰী গোটে জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।











