পবিতৰা অভয়াৰণ্য আজি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে।
অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিতাৰে ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰে।
পৰ্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। পবিতৰাত বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গঁড় আছে।
উল্লেখযোগ্য যে ১১০টা গঁড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী বহু পৰিভ্ৰমী চৰায়ে বিচৰণ কৰিছে।
উদ্যানখনত ২০২২ চনত কৰা পিয়ল অনুসৰি ২২টা প্ৰজাতিৰ স্তন্যপায়ী প্রাণী, ২৭টা প্ৰজাতিৰ সৰীসৃপ, ৯টা উভচৰ প্ৰজাতিৰ প্ৰাণী, ৪১ বিধ মাছ আৰু ৩৭৫ টা প্ৰজাতিৰ চৰাই আছে। গঁড়ৰ উপৰি অভয়াৰণ্যখনৰ ঘাঁহনি, অৰণ্য আৰু জলাশয়ত নাহৰ ফুটুকী, বনৰীয়া ম’হ, বনৰীয়া গাহৰি আৰু হৰিণৰ কেইবাটাও প্ৰজাতি পোৱা যায়।
পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য
অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে।
Source:News On AIR
Via By: Asom Khobor
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations