31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ দশম বৰ্ষপূৰ্তি ৰূপায়ণ

    গীত-কথা-কবিতা আৰু কৃতী শিক্ষক বিনন্দ শৰ্মাক সম্বৰ্ধনা

    ■ দৰং জিলাৰ অন্যতম, সামাজিক-সাংস্কৃতিক আৰু বৌদ্ধিক অনুষ্ঠান “পথৰু সমন্বয় গোষ্ঠী,পথৰুঘাট”ৰ দশম বৰ্ষপূৰ্তি ৰূপায়ণৰ অন্যতম কাৰ্যসূচী গীত- কথা- কবিতা আৰু অৱসৰী কৃতী শিক্ষক বিনন্দ শৰ্মাক সম্বৰ্ধনাৰ এক মনোজ্ঞ অনুষ্ঠান কালি অনুষ্ঠিত হৈ যায়।

    পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত হোৱা অনুষ্ঠানটি উদ্বোধন কৰে দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে ৷ পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত চেঙেলীয়াঝাৰৰ ৮৭ বছৰ গৰকা অৱসৰী শিক্ষক বিনন্দ শৰ্মাক নিজৰেই বাসগৃহত অনুষ্ঠিত গীত-কথা-কবিতা শীৰ্ষক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷

    উল্লেখ যে শাৰীৰিক অসুস্থতাৰ বাবে ৫ চেপ্তেম্বৰত পথৰু সমন্বয় গোষ্ঠীৰ কৃতী শিক্ষক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা কৃতী অৱসৰী শিক্ষক বিনন্দ শৰ্মাক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত স্থানীয় ৰাইজৰ উপস্থিতি আছিল উৎসাহজনক।

    কৃতী শিক্ষক বিনন্দ শৰ্মাক সম্বৰ্ধনা

    শিক্ষক বিনন্দ শৰ্মাৰ জীৱন আৰু কৃতীৰ এক যোগাত্মক পৰ্যালোচনা কৰা হয়। শিক্ষতাৰ বাহিৰেও চেঙেলীয়াঝাৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম লগ্নৰে পৰা জড়িত হৈ সামাজিক-বিদ্যায়তনিক দিশত তেখেতৰ আছে গুৰুত্বপূৰ্ণ অৱদান।

    মনোজ্ঞ অনুষ্ঠানটিত কবিতা আৰু গীতেৰে জীপাল কৰে ক্ৰমে-কবি তথা পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী ববিতা কলিতা,চেঙেলীয়াঝাৰৰ অৱসৰী শিক্ষক আলহাজ আব্বাচুদ্দিন আহমেদ,চেঙেলীয়াঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষক পুতুল চহৰীয়া আৰু ৰামৰাইপাৰাৰ জ্ঞানদা বৰুৱাই কবিতা পাঠ কৰাৰ লগতে পাথৰিঘাটৰ শিশু কন্ঠ শিল্পী ফাৰিহা আহমেদ,আলিখাপাৰাৰ কস্তুৰী শইকীয়া, ৰামৰাইপাৰাৰ বন্দনা ডেকা, নিৰনচুবাৰ অৰ্চনা ডেকা শইকীয়া,চেঙেলীয়াঝাৰৰ চেলীমা বেগমে গীত পৰিৱেশন কৰাৰ উপৰিও ৰিয়া কাশ্যপৰ নৃত্যই অনুষ্ঠানটি অধিক প্ৰাণৱন্ত কৰি তোলে।

    দৰং জিলা কৃষি পৰিদৰ্শক তথা পাথৰিঘাট কৃষি প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ শৰ্মা আৰু পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ইলতাফ আলিয়ে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা অনুষ্ঠানটিত অঞ্চলটোৰ সামাজিক আৰু বৌদ্ধিক বিকাশত অৰিহণা যোগোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

    সেই সকলৰ ভিতৰত গৃহৰক্ষী বিভাগৰ অৱসৰী অধ্যক্ষ মহৎ চহৰীয়া, চেঙেলীয়াঝাৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী অলিদা বেগম,চেঙেলীয়াঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী কুলেন্দ্ৰ নাথ শৰ্মা,অৱসৰী শিক্ষক ক্ৰমে- হৰি চন্দ্ৰ শৰ্মা,আলহাজ নুৰ মহম্মদ,মজিবৰ ৰহমান, গনেশ শৰ্মা আৰু ছিপাঝাৰ জাতীয় বিদ্যালয়ৰ শিক্ষক মইনুল হক।

    স্থানীয় সাংবাদিক ইন্দাদুল হক, হেমচন্দ্ৰ শৰ্মা আৰু সমাজকৰ্মী আহমদ আলিয়েওঁ পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ পদক্ষেপক শলাগ লয়। অনুষ্ঠানত পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সদস্য আজমল হুছেইন আৰু চম্পক শৰ্মা উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds