31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাম সলোৱা কাৰ্যক আদালত অৱমাননাৰ অপৰাধ হিচাপে অভিহিত মহাসংঘৰ

    ◊ খিলঞ্জীয়াসকলক নিজৰ স্থায়ী গৃহভূমিতে ৰাজনৈতিক অধিকাৰ তথা শাসন ক্ষমতাৰ পৰা বঞ্চিত কৰিবলৈকে চলি থকা ষড়যন্ত্ৰৰ এটা অংশ

    ♦ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাম সলোৱা কাৰ্য আদালত অৱমাননাৰ অপৰাধ বুলি অভিহিত কৰিছে অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই। সমগ্ৰ দেশত ২০২৬ চনতহে বিধান সভা আৰু লোক সভাৰ সমষ্টিসমূহ জনসংখ্যাৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ হ’ব। ২০০৫-২০০৭ চনত দেশৰ আন ৰাজ্যবোৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰাৰ কাম কৰিবলৈ প্ৰস্তুত হোৱা হেতুকে অসমৰ দল-সংগঠনসমূহে নিৰ্বাচন আয়োগক আপত্তি দৰ্শোৱা বাবেই এই কাম হোৱা নাছিল।

    ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনত মুনাফা লাভ কৰিবলৈকে বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক হেঁচা দি খৰখেদাকৈ কিছুমান সমষ্টিৰ নাম বিলুপ্ত কৰি, কিছুমান সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি, কিছুমান সমষ্টিৰ নাম নতুনকৈ দি এক খচৰা প্ৰকাশ কৰিছে। অসমৰ বিজেপি-অগপৰ বাহিৰে আন সকলো ৰাজনৈতিক দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছে। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চূড়ান্ত হোৱা নাই। ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে অসম সন্মিলিত মহাসংঘৰ ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং গোচৰত যি ৰায় দিব তাৰ ভিত্তিতহে নাগৰিক পঞ্জী চূড়ান্ত হ’ব বুলি ২০১৯ চনৰ ১৩ আগষ্টত দিয়া নাগৰিক পঞ্জী সম্পৰ্কীয় ৰায়ত তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ঘোষণা কৰি গৈছে। লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় এটা গোচৰৰ শুনানী ২৫ জুলাইত ছুপ্ৰিম কৰ্টত অনুষ্ঠিত হ’ব। সেয়ে মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই এক প্ৰেছ টোকাত এই সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় খচৰা শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে আৰু যোৱা ১০ জুলাইত নিৰ্বাচন আয়োগক এক পত্ৰ যোগে এই কথা জনাইছে।

    মহাসংঘই স্পষ্ট ভাবে কয় যে আহোম, মৰাণ, মটক, চুতীয়া, সোনোৱাল, ঠেঙ্গাল, দেউৰী, তিৱা, কোচ ৰাজবংশী, গৰীয়া, মৰীয়া, দেশী, কৈৱৰ্ত আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি হিন্দু বাঙালী, মুছলমান বাঙালী, হিন্দী ভাষী আৰু নানা অ-খিলঞ্জীয়া তথা অনা-অসমীয়ালোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে বিজেপিয়ে এই কাম কৰিব খুজিছে।

    ২০০৭ চনৰ পিছত খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত বিষয়ত চৰকাৰে মৰ্জি মতে আইন প্ৰৱৰ্তন কৰিব নোৱাৰে তথা চৰকাৰী আঁচনি আদিও কাৰ্যকৰী কৰিব নোৱাৰে বুলি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭)ত স্পষ্ট ভাবে উল্লেখ আছে। ভাৰত ৰাষ্ট্ৰই বিশ্বৰ ১৪৩ খন দেশৰ সৈতে ৰাষ্ট্ৰসংঘৰ উক্ত খিলঞ্জীয়া চনদৰ সপক্ষে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰত ভোটদান কৰি দায়বদ্ধ হৈ আছে। ২০০১ৰ লোকপিয়লৰ তথ্যৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে সমষ্টি বৃদ্ধি নহ’ব। কোভিড মহামাৰীৰ বাবে ২০২১ লোকপিয়ল নহ’ল যদিও ভোটাৰ তালিকাৰ ভিত্তিত ২০২১ ৰ লোকপিয়লৰ তথ্য উন্নীত কৰি লৈ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমৰ বিধানসভা আৰু লোক সভাৰ সমষ্টি বৃদ্ধি কৰা উচিত।

    উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰোতে নিৰ্বাচন আয়োগৰ গাইড লাইন আৰু আৰু মেথডলজিও উলংঘা কৰাৰ অভিযোগ উঠিছে। মুঠতে বিজেপিয়ে অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠী সমূহক নিজৰ গৃহভূমি তথা উপৰিপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা নিজস্ব ভূ-খণ্ড অসমত ৰাজনৈতিক অধিকাৰ তথা শাসন ক্ষমতাৰ পৰা বঞ্চিত কৰিবলৈকে এই ভয়ানক ষড়যন্ত্ৰ কৰিছে বুলি মহাসংঘই দৃঢ়তাৰে কয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds