প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয়, যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। চার্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপাৰেশ্বন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন নীতি। এই অভিযানে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজখনক এটা নতুন সংজ্ঞা দিলে। কোনো ধৰণৰ পাৰমানৱিক হুমকি আৰু সন্ত্ৰাসবাদী আক্রমণ সহ্য কৰা নহ’ব, অন্যথা ভাৰতৰ যথাযোগ্য প্রত্যুত্তৰৰ সন্মুখীন হ’ব লাগিব। সন্ত্ৰাসবাদীক প্রশ্রয় দিয়া অথবা সহায় কৰা সকলকো সন্ত্ৰাসবাদীৰ শাৰীতেই ধৰা হ’ব বুলিও বাৰ্তাত উল্লেখ কৰে। সশস্ত্র বাহিনীয়ে এই অভিযানৰ জৰিয়তে এশৰো অধিক সন্ত্ৰাসবাদীক নিঃশেষ কৰে বুলি উল্লেখ কৰি মোদীয়ে ভাৰতে সন্ত্ৰাসবাদীৰ মূল কেন্দ্ৰটোকে ধ্বংস কৰিলে বুলি মন্তব্য কৰে।
সন্ত্রাসবাদক নির্মূল কৰিবৰ বাবে ভাৰত চৰকাৰে সেনা বাহিনীক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিছে আৰু আজি প্ৰতিটো সন্ত্রাসবাদী তথা সন্ত্রাসবাদী সংগঠনে দেশৰ জিয়ৰী–ভগ্নীৰ মর্যাদা হানি কৰিলে কেনেধৰণৰ পৰিণতি হ’ব পাৰে সেয়া ভালদৰে বুজি পাইছে।
প্রধানমন্ত্রী মোদীয়ে কয় যে এই যুগ যুদ্ধৰ নহয়, কিন্তু এই যুগ সন্ত্ৰাসবাদৰো নহয়। সন্ত্রাসবাদী আন্তঃগাথনি ধ্বংস কৰাৰ বাহিৰে পাকিস্তানৰ আন একো উপায় নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী সময়ত আলোচনা হলে কেৱল সন্ত্রাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্দৰ্ভৰ্তহে আলোচনা হ’ব বুলি স্পষ্ট কৰি দিয়ে।
সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই এখন উন্নত বিশ্বৰ নিশ্চয়তা দিয়ে। তেওঁ লগতে পাকিস্তানী সেনা আৰু পাকিস্তান চৰকাৰে যিদৰে সন্ত্ৰাসবাদৰ পোষকতা কৰি আহিছে, এদিন দেশখনৰ ধ্বংসৰ কাৰণ হ’ব বুলি সতৰ্ক কৰি দিয়ে।
প্রধানমন্ত্রীয়ে সশস্ত্র সেনা, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক প্ৰণাম জনাই সেনাৰ এই পৰাক্ৰম আৰু সৌৰ্য্য দেশৰ প্ৰতিগৰাকী মা-ভগ্নী আৰু জিয়ৰীৰ প্ৰতি সমৰ্পন কৰে।