31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    হিংসাত্মক পৰিস্থিতিঃ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

    ৰাজধানী কাঠমাণ্ডু আৰু দেশখনৰ অন্যান্য প্ৰান্তত কালি যুৱ প্ৰজন্মৰ বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত ১৯গৰাকী প্ৰতিবাদকাৰী নিহত আৰু ভালেসংখ্যক প্ৰতিবাদকাৰী আহত হৈছিল।

    নেপালত ফেচবুক, ইউটিউব আদি ২৬টা সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ প্ৰতিবাদত দেশখনৰ যুৱ প্ৰজন্মই চলোৱা হিংসাত্মক বিক্ষোভৰ পৰিপ্ৰেক্ষিতত দেশখনৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে। দুপৰীয়াৰ ভাগত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোড়েলে প্রধানমন্ত্ৰীৰ পদত্যাগপত্র গ্রহণ কৰে। উল্লেখযোগ্য যে, ৰাজধানী কাঠমাণ্ডু আৰু দেশখনৰ অন্যান্য প্ৰান্তত কালি যুৱ প্ৰজন্মৰ বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত ১৯গৰাকী প্ৰতিবাদকাৰী নিহত আৰু ভালেসংখ্যক প্ৰতিবাদকাৰী আহত হৈছিল। এই প্ৰতিবাদত সেও মানি নেপাল চৰকাৰে কালি বিয়লিৰ ভাগত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰে যদিও সান্ধ্য আইনৰ মাজতে আজি সমগ্ৰ দেশজুৰি পুনৰ প্ৰতিবাদৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী সকলে আজি কাঠমাণ্ডুত থকা দেশখনৰ সংসদ ভৱন আৰু ৰাষ্ট্ৰপতি ভৱনত অগ্নিসংযোগ কৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰীৰ বাসভৱনতো অগ্নিসংযোগৰ চেষ্টা চলায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds