31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত

    জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত

    বিশ্বনাথত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ পাঁচ গৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্দ্ধনা

    বিশ্বনাথ ১৬ নবেম্বৰ  বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আজি বিশ্বনাথত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২৩ । জিলাখনৰ সাংবাদিকসকলৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই দিৱসত এইবাৰৰ মুল বিষয়বস্তু আছিল ‘কৃত্ৰিম বুদ্ধিমত্তা/মেধাৰ যুগত মিডিয়া’ (Media in the Era of Artificial intelligence)। বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰনি ভাষন প্ৰদান কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে। জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নিবন্ধকাৰ, সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ মুল বিষয়বস্তু ‘কৃত্ৰিম বুদ্ধিমত্তা/মেধাৰ যুগত মিডিয়া’ (Media in the Era of Artificial intelligence) সম্পৰ্কে তথ্য সমৃদ্ধ, মননশীল তথা গুৰুত্বপূৰ্ণ আলোচনা দাঙি ধৰে।

    আমন্ত্ৰিত বক্তা গৰাকীয়ে নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আলোকপাত কৰি কয় যে, আজি বহু সংবাদ প্ৰতিষ্ঠানে অতি প্রয়োজনীয় সময়ত লাইভ সম্প্ৰচাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা বা মেধাৰ প্রযুক্তি ব্যৱহাৰ কৰিছে। আধুনিকতাৰ সৈতে খোজ পেলাবলৈ হ’লে আমাৰ সংবাদ মাধ্যমেও কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব, কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই আমাক গ্ৰাস কৰি পেলাব নালাগে, আমাক যন্ত্ৰত পৰিনত কৰিব নালাগিব আৰু তাৰ বাবে সচেতন হব লাগিব বুলি তেওঁ মন্তব্য কৰে।

     

    বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পুষ্পাংকৰ পাতিৰ, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল আৰু জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক উপস্থিত থকা অনুষ্ঠানটিত এইবেলি বিশেষভাৱে জনসংযোগ বিভাগৰ ফালৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় জিলাখনৰ ৫ গৰাকী জ্যেষ্ঠ সাংবাদিকক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি সংবাদসেৱাৰ লগত নিজকে জড়িত কৰি অবিৰত সেৱা আগবঢ়োৱা গহপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দীপ কুমাৰ শৰ্মা, বিহালীৰ ৰোহিনী কৌড়িণ্য ছেত্ৰী, বিশ্বনাথৰ বৈদ্যুতিন মাধ্যমত সংবাদসেৱা আগবঢ়াই অহা জগতাৰ সিং আৰু আমিৰ খানৰ লগতে ইটাখোলা অঞ্চলৰ পৰা সংবাদক্ষেত্ৰখনৰ লগত দীর্ঘদিন ধৰি জড়িত এগৰাকী জ্যেষ্ঠ সাংবাদিক দূৰ্গা পৌড়েলক এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

     

    জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সম্বৰ্দ্ধিত সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ সাংবাদিক দীপ কুমাৰ শৰ্মাই নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে। অনুষ্ঠানটিতঅতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা বসন্ত বৰাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰা অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰনি পৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds