31.3 C
Guwahati
Sunday, November 16, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত আত্মহনন কৰা মেধাবী ছাত্ৰীৰ ঘৰত মন্ত্ৰী সঞ্জয় কিষান চাৰি বছৰৰ পৰাই বাইপোলাৰ টু ৰোগত ভুগি আছিল ঋতিশ্মা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ দ্বিতীয়খন তালিকাত নাম নথকাত বেছিকৈ ভাগি পৰিছিল ছাত্ৰী গৰাকী

    বিশ্বনাথত আত্মহনন কৰা মেধাবী ছাত্ৰীৰ ঘৰত মন্ত্ৰী সঞ্জয় কিষান চাৰি বছৰৰ পৰাই বাইপোলাৰ টু ৰোগত ভুগি আছিল ঋতিশ্মা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ দ্বিতীয়খন তালিকাত নাম নথকাত বেছিকৈ ভাগি পৰিছিল ছাত্ৰী গৰাকী

    ডিজিটেল ডেস্ক ৭ অক্টোবৰ

    বিশ্বনাথৰ এগৰাকী মেধাৱী ছাত্ৰী ঋতিশ্মা কুৰ্মীয়ে আত্মহনন কৰাৰ পিছত আজি সন্ধ্যা ছাত্ৰী গৰাকীৰ ঘৰত উপস্হিত হয় মন্ত্ৰী সঞ্জয় কিশান। উল্লেখ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি ২০ দিন পাঠগ্ৰহন কৰিছিল যদিও পিছত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ কেতবোৰ পদক্ষেপৰ বাবে ঋতিস্মাই যোৱা বৃহস্পতি বাৰে পিতৃ গৃহত চৰম পন্থা বাচি লৈছিল বুলি সন্দেহ কৰা হৈছে। আজি মন্ত্ৰী গৰাকীয়ে বিশ্বনাথৰ বিধায়কৰ সৈতে ঋতিস্মাৰ পিতৃ তথা পৰিয়ালৰ লগত সমস্ত ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে। ইফালে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে এনেদৰে এগৰাকী মেধাৱী ছাত্ৰী অকালতে হেৰাই যোৱাটো অত্যন্ত দুখজনক। চাহ জনজাতি সকলৰ এনে কিছুমান উপাধি আছে যিবোৰ চাহ জনগোষ্ঠী নোহোৱা লোকৰ উপাধিৰ লগত একে। সেয়েহে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ দিলে যে চাহ জনগোষ্ঠীৰ এনেধৰণৰ উপাধিৰ যি সকল লোকে চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে আবেদন কৰিছে সেই সকল লোকৰ চাহ জনগোষ্ঠীয় কিছু নথি পত্ৰ জমা দিব লাগে। ছাত্ৰী গৰাকীৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয়ৰ পৰা হয়টো এনেধৰণৰ নিৰ্দেশ আহিছিল। যাৰ বাবে ছাত্ৰী গৰাকী কিছু মানসিক অশান্তিত ভুগি আছিল। হয়টো এইটো ঘটনাও হ’ব পাৰে যে ছাত্ৰী গৰাকীয়ে সময়ত দিব পৰা নাই বা চেষ্টা কৰি আছিল। কিন্তু তাৰ মাজতেই এই ঘটনা সংঘটিত হৈছে। আত্মহননৰ আগমুহুৰ্ত্বলৈকে মানসিক অশান্তিত ভুগী থকাৰ কথা ঋতিস্মাই কাৰো আগত প্ৰকাশ কৰা নাছিল বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

     

    ইফালে পোণ প্ৰথম বাৰৰ বাবে ঋতিশ্মাৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মুখ খুলিছে। আজি মন্ত্ৰী সঞ্জয় কিশান ঋতিশ্মাৰ ঘৰৰ পৰা যোৱাৰ পিছতে জ্যেষ্ঠ ভগ্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২০১৯ চনৰ পৰাই মানসিক চিকিৎসা কৰি আছিল ঋতিশ্মাই। ঋতিশ্মাৰ আছিল বাইপোলাৰ টু ডিছ অৰ্ডাৰ। এইটো হৈছে মানসিক স্বাস্হ্য জনিত অৱস্হা যিয়ে আৱেগিক উচ্চতা আৰু নিম্নতা বঢ়াই তোলে। এনে এক ৰোগৰ চিকিৎসা কৰি থকা ঋতিশ্মাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰি পাঠগ্ৰহন কৰিছিল। কিন্তু তাৰ আগতো ঋিতিশ্মাই যিকোনো কথাতেই অতি আৱেগিক হৈ পৰে আৰু মানসিক অশান্তিত ভোগে। যেতিয়া ২০ দিনকৈ পাঠগ্ৰহণ কৰাৰ পিছত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বিতীয়খন তালিকাত ঋতিশ্মাৰ নাম নাহিল তেতিয়া লগে লগে মানসিক ভাৱে ভাগি পৰে। সেয়েহে পৰিয়ালৰ লোকে ঘৰলৈ ওভতাই আনে ঋতিশ্মাক। কিন্তু তেতিয়াৰে পৰা ঋতিশ্মাই পিতৃ মাতৃ তথা পৰিয়ালৰ লগত ভালকৈ কথা পতা নাছিল আৰু বৃহস্পতি বাৰে এনে চৰম পন্হা বাচি ল’লে বুলি প্ৰত্যক্ষ ভাৱে নকলেও পৰোক্ষ ভাৱে তাৰেই ইংগিত দিয়ে ঋতিশ্মাৰ জ্যেষ্ঠ ভগ্নীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds