31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ পাভৈত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন 

     

    অসম খবৰ  বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৮ জুলাই ঃ

    বিশ্বনাথৰ পাভৈ চাহ বাগিচা শ্বহীদ বিৰাংগনা মালতী ওৰাং খেল পথাৰ প্ৰাংগনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পাভৈ প্ৰাথমিক গোট গঠনৰ সভাখন অনুষ্ঠিত হৈ যায় ৷ আছাৰ বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চামুৱে বাৰ্লাৰ সভাপতিত্বত আৰু আছাৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰবিন ঘাটোৱাৰৰ আত ধৰা সভা খনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পাভৈ প্ৰাথমিক গোটটি গঠন কৰি অৰুন ভুমিজক সভাপতি আৰু মোন কালন্দিক সাধাৰণ সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰি মুঠ ৪১ জনীয়া পূৰ্ণাংগ পৰ্যায়ৰ কমিটিখন গঠন কৰা হয় ৷
    সভাত সংগঠনটিৰ সাংগাঠনিক দিশ , শৈক্ষিক , আৰ্থসামাজিক বিষয়ৰ লগতে জনগোষ্ঠীটোৱে সন্মুখিন হৈ অহা বিভিন্ন সমস্যাৱলীৰ সন্দৰ্ভত আলোকপাত কৰা হয় ৷ প্ৰায় শতাধিক সংখ্যক লোক উপস্থিত থকা সভাত আছাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ড, বৰপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক অৰুন বৰাইক ,সহ-প্ৰচাৰ সম্পাদক মনেশ্বৰ মুন্ডা , শিক্ষা সম্পাদক আচিছ তপ্প ,আৰমান কিণ্ডকে ধৰি কন্ধ সমাজৰ সঞ্জিত কন্ধ , নৰেন কন্ধৰ লগতে স্থানীয় বুদ্ধিজীৱি ,শিক্ষিত যুৱক যুৱতী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.