31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    মহাৰাষ্ট্ৰ বিধায়ক অসমলৈ ধাপলি :: পুৱাই ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ 3 বিসম্বাদী বিধায়ক ::

    মহাৰাষ্ট্ৰ বিধায়ক অসমলৈ ধাপলি ::
    পুৱাই ৰেডিশ্বন ব্লুত উপস্থিত মহাৰাষ্ট্ৰৰ 3 বিসম্বাদী বিধায়ক ::

    গুৱাহাটীৰ ২৩ জুন ::

    অসম এতিয়া মহাৰাষ্ট্ৰ বিধায়ক সকলৰ বাবে এক নিৰাপদ স্থান হিচাপে চিহ্নিত হৈছে। কাৰণ ইজনৰ পিছত সিজন মহাৰাষ্ট্ৰ বিধায়ক ধাপলি মেলিছে অসমৰ ৰাজধানী গুৱাহাটীলৈ। বৃহস্পতিবাৰে পুৱা 7.30 বজাতপুনৰ 3 জন শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হৈছে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত হোটেলত ।

    মহাৰাষ্ট্ৰৰ 3 বিসম্বাদী বিধায়কক বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় ।

    ইয়াৰ 2 জনৰ নাম চাদা চাৰৱাঙ্কাৰ আৰু মংগেশ কুদালকাৰ বুলি জানিব পৰা হৈছে ৷

    আনহাতে বৰ্তমানলৈ
    আন জন বিধায়কৰ নাম ব জানিব পৰা হোৱা নাই ৷

    বিধায়ক 3 জনৰ দুজন শিৱসেনাৰ ।

    ইতিমধ্যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই শিৱসেনাৰ 38 আৰু নিৰ্দলীয় 7 গৰাকী বিধায়কক লগত লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে ।

    শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ 41 গৰাকী বিসম্বাদী বিধায়কে বুধবাৰে পুৱা বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰে ৰেডিছন ব্লুলৈ আহিছিল । এই বিধায়কসকল চুৰাটত বাহৰ পাতি আছিল ।

    তাৰ পৰাই তেওঁলোকক গুৱাহাটীলৈ অনা হয় ।আকৌ বুধবাৰে নিশা 9 বজাত মহাৰাষ্ট্ৰৰ চাৰি শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হৈছিল গুৱাহাটীৰ ৰেডিশ্বন ব্লুত । লগতে গুজৰাটৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দকান্ত পাটিলো আহিছিল । এতিয়া 48 জন বিসম্বাদী বিধায়কে আৰম্ভ কৰিছে একনাথ সিন্দেৰ নেতৃত্বত ৰাজনীতিৰ নতুন অংক ।

    অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেলখন অসমত হোৱাক লৈ চলিছে বিশেষ চৰ্চা । মহাৰাষ্ট্ৰৰ 3 বিসম্বাদী বিধায়কৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁলোকে কোনো মন্তব্য দিয়া পৰিলক্ষিত নহ’ল সম্পূৰ্ণ মন্তব্য পৰা বিৰত থাকে 3 বিধায়ক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds