Thursday, May 29, 2025
27.4 C
Guwahati
TOP NEWS:

বিশ্বনাথতো শুভাৰম্ভ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী* অভিযান সফল কৰিবলৈ সকলোকে আহ্বান জনালে বিধায়ক-জিলা আয়ুক্তই

- Advertisement -

বিশ্বনাথতো শুভাৰম্ভ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী

অভিযান সফল কৰিবলৈ সকলোকে আহ্বান জনালে বিধায়ক-জিলা আয়ুক্তই

- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ বিশ্বনাথ চাৰিআলি,১ আগষ্ট :

সেউজ আৱৰণ বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ব্যৱসায়িক গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী আজি বিশ্বনাথতো শুভাৰম্ভ কৰা হয়।

বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত পুৱা ১০.৩০ বজাৰ পৰা শুভাৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলনৰ এই বিশেষ কাৰ্যসুচীত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল আৰু বিশ্বনাথৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান।

 

বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে সমগ্ৰ কাৰ্যসূচীটোৰ বিষয়ে আলোকপাত কৰা শুভাৰম্ভ অনুষ্ঠানটিত নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিশ্বজ্যোতি দাস আদিয়ে অমৃত বৃক্ষ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অভিযান বুলি মন্তব্য কৰে। এই অভিযানে ভাৰতৰ সেউজ আৱৰণ বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি প্ৰকাশ কৰাৰ লগতে বিশ্বনাথতো এই বিশেষ অভিযান সফল কৰিবলৈ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে আজি বিশ্বনাথৰ কাছাৰী ময়দান চৌহদত দহটা মূল্যবান গছৰ পুলি ৰোপণ কৰি সমগ্ৰ কাৰ্যসূচীৰ পাতনি মেলে। আজিৰ অনুষ্ঠানটিত অতিৰিক্ত জিলা আয়ুক্তসকল ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্তসকল পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, সমাজকৰ্মী দিগন্ত ঘাটোৱাৰ, বিভিন্ন বিভাগৰ মুৰব্বী, বন বিভাগৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলেও অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্ৰায় ষাঠিটা প্ৰজাতিৰ মুঠ ৯ লাখ মূল্যবান গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ বিভিন্ন বিভাগৰ লগতে বিভিন্ন সংগঠন, গোট আদিয়ে এই বিশেষ কাৰ্যসুচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
broken clouds
25.7 ° C
25.7 °
25.7 °
90 %
2.6kmh
81 %
Wed
26 °
Thu
25 °
Fri
24 °
Sat
27 °
Sun
31 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds