31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদ্‌যাপন

    নৱ প্ৰজন্ম, ছাত্ৰ ছাত্ৰীক জীৱনৰ অভিজ্ঞতাৰ শিক্ষা প্ৰদান কৰিবলৈ জ্যেষ্ঠ নাগৰিকৰ প্ৰতি আহ্বান জিলা আয়ুক্তৰ

    জ্যেষ্ঠ নাগৰিক সকলৰ সমস্যা সমুহ সমাধানৰ আশ্বাস ডাঃ নেহা যাদৱৰ

     

    বিশ্বনাথ চাৰিআলি, ১ অক্টোবৰ

    বিশ্বনাথ জিলা প্রশাসন আৰু বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশ্বনাথত আজি উদ্‌যাপন কৰা হয় আন্তর্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস । বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত উপস্থিত থকা জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকলক আদৰণি জনাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে । বিশ্বনাথৰ জিলা সমাজ কল্যাণ বিষয়া মইনুল হক চৌধুৰীয়ে উদেশ্য বাখ্যা কৰা এই অনুষ্ঠানটিত নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে কয় – “জ্যেষ্ঠ নাগৰিক সকল সমাজৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ । সমাজৰ বিভিন্ন ক্ষেত্ৰত সৰ্বজন শ্ৰদ্ধেয় সদাশয় জ্যেষ্ঠ নাগৰিকে আগবঢ়োৱা অৱদান নৱপ্ৰজন্মৰ বাবে আদৰ্শৰ পাথেয় হৈ আহিছে আৰু ভৱিষ্যতেও থাকিব । মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে অভিজ্ঞতাও বৃদ্ধি পায়। আপোনালোক নিজ নিজ কৰ্মক্ষেত্ৰত একো একোজন অভিজ্ঞ ব্যক্তি আৰু সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি।” সমাজৰ নৱ প্ৰজন্ম আৰু ছাত্ৰ ছাত্ৰী সকলক জ্যেষ্ঠ নাগৰিক সকলৰ জীৱনৰ অভিজ্ঞতাৰ শিক্ষা প্ৰদান কৰি উপকৃত কৰিবৰ বাবেও আহ্বান জনালে।

    বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি পৰমানন্দ মুদৈ, কাৰ্যকৰী সভাপতি যজ্ঞেশ্বৰ বৰা, সম্পাদক থানুৰাম শৰ্মা, সহকাৰী সম্পাদক যজ্ঞেশ্বৰ বৰুৱা, কোষাধ্যক্ষ কমল ভুঞাৰ উপৰিও জিলাখনৰ আঠখনকৈ শাখা সমিতি ক্ৰমে পূৱ ছয়দুৱাৰ, পশ্চিম ছয়দুৱাৰ, বিহালী, বাঘমাৰী, বিশ্বনাথ, পাভৈ, চতিয়া আৰু নাগশংকৰৰ বিষয়ববীয়া প্ৰতিনিধি সকল উপস্থিত থকা আজিৰ অনুষ্ঠানটিত জিলা সভাপতি পৰমানন্দ মুদৈ, সম্পাদক থানুৰাম শৰ্মা, জ্যেষ্ঠ নাগৰিক ত্ৰিনয়ন বৰা, যজ্ঞেশ্বৰ বৰুৱা, প্ৰদীপ দত্ত, হোমেশ্বৰ শইকীয়া, কমল ভুঞা আদিয়ে জ্যেষ্ঠ নাগৰিক দিৱসটিৰ তাৎপৰ্য, তেওঁলোকৰ সমস্যা, চৰকাৰআৰু প্ৰশাসনৰ কৰণীয়, জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্য আৰু অন্যান্য সমস্যাৰ ওপৰত আলোচনা আগবঢ়াই মন্তব্য দাঙি ধৰে আৰু জিলা প্ৰশাসনৰ এই দিৱসটি উদযাপনৰ উদ্যোগক শলাগ লয় । সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক সকলৰ সমস্যা সমুহ সমাধানৰ বাবে জিলা আয়ুক্তই আশ্বাস প্ৰদানো কৰে। জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকক জিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্ভাষন জনোৱা হয়।

    বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্তদ্বয় সৃষ্টি কলিতা আৰু পুষ্পাংকৰ পাতিৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থকা অনুষ্ঠানটিত জ্যেষ্ঠ নাগৰিক সকলৰ সাম্প্ৰতিক সমস্যা সমুহক প্ৰতিফলিত কৰিব পৰাকৈ ‘ককা আইতাৰ বিলৈ’ শীৰ্ষক এখন ছুটি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ‘বেটি বচাওঁ ভেটি পঢ়াও’ আঁচনিৰ অধীনত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত প্ৰদৰ্শিত হোৱা উপভোগ্য এই বাটৰ নাটখনিত শিল্পীসকল ক্ৰমে নীলিমা বৰুৱা, মীৰা বৰা হাজৰিকা, অনিন্দিতা দাস, মৰমজ্যোতি হাজৰিকা, জোনামনি হাজৰিকা, ৰুনুমি দাস, জান্টিমনি দাস আৰু দিপ্তী বৰুৱাই মন পৰষা অভিনয় কৰি উপস্থিত সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds