Friday, May 30, 2025
24.2 C
Guwahati
TOP NEWS:

IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ
I

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী/কোকৰাঝাৰঃ শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NDFC)ৰ দ্বাৰা প্ৰযোজিত ‘বিবো বিনানাও’ৰ জৰিয়তে উপস্থাপন কৰা হৈছে বড়োলেণ্ডৰ গ্ৰাম্য পৰিৱেশত বাস কৰা চাৰিগৰাকী ভগ্নীৰ হাঁহি-আবেগৰ হৃদয়স্পৰ্শী কাহিনী। চাৰি ভগ্নীৰ মাজৰ কনিষ্ঠ মিজিৰ চৰিত্ৰত অভিনয় কৰিছে পেন্সি ব্ৰহ্মই। কাহিনীত মিজিয়ে তেওঁৰ তিনি জ্যেষ্ঠ ভগ্নীৰ বিভিন্ন সংগ্ৰাম, যেনে- কুকুৰা পালন, পৰিয়ালৰ সদস্যৰ মৃত্যুৰ পিছত হোৱা কৰুণ পৰিস্থিতি, নিৰ্যাতনকাৰী স্বামী, জীৱন বিপন্ন কৰা স্বাস্থ্য সংকট আৰু বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সহায় আগবঢ়ায়। ছবিখনৰ বাকী তিনি ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে সংগীনা ব্ৰহ্ম, হেলিনা দৈমাৰী আৰু মিথিংগা নাৰ্জাৰীয়ে।

ছবিখনত অভিনয় কৰা কলা-কুশলীসকলৰ সৈতে কাম কৰাৰ অনন্য অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰি কেনি বসুমতাৰীয়ে কয়, “এই অভিনেত্ৰীসকলৰ সৈতে কাম কৰাটো মোৰ বাবে এক আনন্দদায়ক অভিজ্ঞতা আছিল। তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ সংলাপসমূহেৰে প্ৰস্তুত হৈ থাকিছিল, যাৰ বাবে আমি বাধাহীনভাৱে সন্তোষেৰে দীঘলীয়া শ্বট ল’ব পাৰিছিলো আৰু সকলোৱে নিজৰ নিজৰ দৃশ্যত অভিনয়ৰ শ্ৰেষ্ঠত্ব উজাৰি দিছিল। ছবিখনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু অভিনয়ৰ প্ৰতি নিষ্ঠা মই কল্পনা কৰা ধৰণেই তেওঁলোকৰ মাজত দেখিবলৈ পাইছিলোঁ।”

উল্লেখ্য যে, ‘বিবো বিনানাও’ ছবিখনৰ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে ‘লোকেল কুংফু ৩’ত ডগ দাৰ চৰিত্ৰত অভিনয় কৰা আৰু বড়ো চলিচ্ছিত্ৰ জগতৰ চিৰ পৰিচিত খলনায়ক ৰুবুল বড়োৱেও।

ইফালে, ‘বিবো বিনানাও’ত প্ৰডাকচন ডিজাইনাৰ হিচাপে কাম কৰা ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক কুলনন্দিনী মহন্ত আৰু এন এফ ডি চিৰ কাৰ্যবাহী প্ৰযোজক এলেক্স লিঅ’ পাউৰ সৈতে আই এফ এফ আইৰ ৰেড কাৰ্পেটত খোজ কাঢ়ে কেনি বসুমতাৰীয়ে। এই চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰমা শাখাত প্ৰদৰ্শিত হোৱা অসমীয়া ছবি ‘স্বৰ্গৰথ’ৰ অংশ হিচাপেও ৰেড কাৰ্পেটত খোজ কঢ়াৰ সুযোগ লাভ কৰে কেনি বসুমতাৰীয়ে।

‘বিবো বিনানাও’ৰ প্ৰথম প্ৰদৰ্শন সন্দৰ্ভত কেনি বসুমতাৰীয়ে কয়, “এখন বড়ো চিনেমা চাবলৈ কোন আহিব সেই কথাটোক লৈো আমি আচলতে কিছু শংকাত ভুগি আছিলো; তাকো মোৰ চিনেমা- মই তেনেকুৱা ফেষ্টিভেল ফেমাছ পৰিচালক নহয়। কিন্তু আমাৰ আনন্দৰ কথা যে প্ৰায় ৭০ গৰাকী দৰ্শকে এই ছবিখন উপভোগ কৰে। যদিও ছবিখন সম্পূৰ্ণ হাস্যৰসধৰ্মী নহয়, তথাপিও হাস্যকৰ মুহূৰ্তবোৰত দৰ্শকৰ পৰা হাঁহিৰ গুঞ্জন শুনি ভাল লাগিছিল। প্ৰদৰ্শনীৰ পিছত বহুতে আমাৰ ওচৰলৈ আহি কৈছে যে তেওঁলোকে চিনেমাখন সঁচাকৈয়ে ভাল পাইছে।”

আগন্তুক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ (BVFF)ত গুৱাহাটীত ছবিপ্ৰেমীসকলে ‘বিবো বিনানাও’ উপভোগ কৰিব পাৰিব। এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাত অসমত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব এই বড়ো ভাষাৰ ছবিখন। অৱশ্যে ছবিগৃহত ‘বিবো বিনানাও’ৰ মুক্তি সন্দৰ্ভত কোনো পৰিকল্পনা এতিয়ালৈকে কৰা হোৱা নাই। কেনি বসুমতাৰীয়ে কয়, “এন এফ ডি চিয়ে এই ছবিখন অধিক চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰিব বুলি আমি আশাবাদী।”

- Advertisement -

Hot this week

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
moderate rain
24.1 ° C
24.1 °
24.1 °
97 %
1.2kmh
100 %
Thu
24 °
Fri
24 °
Sat
31 °
Sun
30 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds