অৰুনাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা অসমীয়াৰ ন্যায়ৰ দাবী গহপুৰত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

অৰুনাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা অসমীয়াৰ ন্যায়ৰ দাবী গহপুৰত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ :

গহপুৰ ৮ জুন:

অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ ধেমাজি জিলাৰ জয়ৰামপুৰৰ পানবাৰীত অৰুনাচলী দুৰ্বৃত্তই দুজনকৈ নিৰিহ অসমীয়াক গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ প্ৰতিবাদত গহপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

গহপুৰ নগৰস্থিত অসম ৰাজ্যিক পৰিবহন নিগম বাছ আস্থান চৌহদৰ পুৱা ১০-৩০বজাৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে ৰূপায়ন কৰে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যোৱা ৫জুন তাৰিখে অসমৰ ভুমি বেদখলকাৰী অৰুনাচলী দুৰ্বৃত্তই বগা চুতীয়া আৰু মনিটু গগৈ নামৰ লোক দুজনক গুলীয়াই হত্যা কৰিছিল।

লগতে আন কেইবাজনো লোকক আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ ন্যায়ৰ দাবী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা সমস্যাৰ স্থায়ী সামাধানৰ দাবী জনাই এজেৱাইচিপি বিশ্বনাথ জিলা সমিতিয়ে ৰূপায়ন কৰে উক্ত ধৰ্মঘট কাৰ্যসূচী।

Be the first to comment

Leave a Reply

Your email address will not be published.


*