31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ

    জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ

    অসম খবৰ বেদেতী, ১৪ জুলাই= জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত, ‘ৱাৰিয়ৰ্ছ’ নাম মাজ বাঘমৰা আৰু বুঢ়ীগাং আঞ্চলিক সমিতিৰ সহযোগত এক বিনামূলীয়া সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ কৰা হৈছে ।
    সত্ৰীয়া নৃত্য বিশাৰদ তথা বৰপেটা ন-সত্ৰৰ কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি পলাশ জ্যোতি কোঁ‌ছে প্ৰশিক্ষণ প্ৰদান কৰা আৰম্ভণি কাৰ্যসূচী ভাগত প্ৰথমে এটি বৰগীত পৰিৱেশন কৰে নৱ তালুকদাৰে আৰু এটি সত্ৰীয়া (ঝুমুৰা) নৃত্য পৰিৱেশন কৰে বেদেতীৰ নন্দন প্ৰতীম গগৈয়ে ।
    অনুষ্ঠানত অংশ গ্ৰহণ কৰি বক্তব্য ৰাখে ক্ৰমে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, কলাশ্ৰী বিনোদ খনাল, বিশ্বনাথ জিলা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ দাস, যুৱ ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডম্বৰুধৰ দাস, বিশ্বনাথ আঞ্চলিক সমিতিৰ সম্পাদক নৱজ্যোতি দাস, সাংস্কৃতিক সম্পাদক কবিন দাস, উপ-সভাপতি মাইনু ভূঞা আদিয়ে অংশগ্ৰহণ কৰা আজিৰ আৰম্ভণি অনুষ্ঠান বুঢ়ীগাং-মড়ল গাঁ‌ও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ।
    চাৰিদিনীয়া প্ৰশিক্ষণ ভাগত অঞ্চলটোৰ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
    উল্লেখ্য যে, স্বেচ্ছাসেৱী অনুষ্ঠান ৱাৰিয়ৰ্ছৰ হৈ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে বৰ্ণালী নাথ (সম্পাদিকা), দিপালী কাকতী (বিত্ত সম্পাদিকা) আৰু সদস্যা ক্ৰমে জীনা ভূঞা, কাকুমণি ভূঞা, ৰিংকি ভূঞা, পল্লৱী ভূঞা, লাতু দাস, মহিমা ভূঞা, অনুমাই ভূঞা আৰু মাইনু ভূঞা ।
    ইফালে পৰ্যটন নগৰী, ঐতিহাসিক বিশ্বনাথ ঘাট নাট্য মন্দিৰতো একেধৰণে এক চাৰিদিনীয় বিনামূলীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰম্ভ হৈছে ।
    এই স্থানতো ৫০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিব পলাশ জ্যোতি কোঁ‌ছে । উদ্বোধনী অনুষ্ঠানত নন্দন প্ৰতীম গগৈয়ে ঝুমুৰা পৰিৱেশন কৰে । উপস্থিত সকলৰ ফালৰ পৰা কলাশ্ৰী বিনোদ খনাল, প্ৰশিক্ষক পলাশ জ্যোতি কোঁ‌ছ, যুৱ ঐক্য মঞ্চৰ সভাপতি ডম্বৰুধৰ দাস আৰু বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাখী দাসে বক্তব্য আগবঢ়ায় ।
    দুয়ো স্থানৰে সামগ্ৰিক পৰিচালনা ও ব্যৱস্থাপনা কৰে বিশ্বনাথ আঞ্চলিক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সম্পাদক নৱজ্যোতি দাস আৰু সাংস্কৃতিক সম্পাদক কবিন দাসে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds