শেহতীয়া আপডেটঃ

এশ শতাংশ ভোটদানৰ আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সৰ্বভাৰতীয় হিন্দু সন্মিলন ৩৭ প্ৰান্তত ৩৭,০৪৮ খন অনুষ্ঠিত হয় ৷ উক্ত সন্মিলনত ৩,৪৯,৩৫,২১১ গৰাকী লোকৰ ১,৯৩,৪০,০৮৭ গৰাকী পুৰুষৰ বিপৰীতে ১,৫৫,৯৫,১২৮ মহিলাই অংশগ্ৰহণ কৰে ৷ হিন্দু সন্মিলন উত্তৰ অসম প্ৰান্তৰ ১,১২৮ খন সন্মিলনত ৬,৪০,৩১০ জন লোকে অংশগ্ৰহণ কৰে ৷

সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচনত ৰাষ্ট্ৰ হিতৰ স্বাৰ্থত এশ শতাংশ ভোটদান কৰাৰ আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ উত্তৰ অসম প্ৰান্তৰ ৷ নিৰ্বাচনত ৰাজ্যৰ ভোটাৰ সকলে এশ শতাংশ ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত সকলোকে অংশীদাৰ হ’বলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহান্তিয়ে আজি এখন সংবাদ মেলযোগে এই আহ্বান জনাইছে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্যালয় সুদৰ্শনালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অংশগ্ৰহণ কৰি অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহান্তিয়ে কয় যে, ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম্ ৰ ডেৰশ বছৰীয়া জয়ন্তী, শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগবাহাদুৰৰ ৩৫০ বছৰীয়া বলিদান বৰ্ষ আৰু সন্ত শিৰোমণি ৰবিদাসৰ ৬৫০ বছৰীয়া জন্মজয়ন্তী সন্দৰ্ভতো মহান্তিয়ে বক্তব্য প্ৰকাশ কৰে ৷
উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে আঁতধৰা সংবাদমেলখনত প্ৰান্ত কাৰ্যবাহ খগেন শইকীয়াই ১৩, ১৪ আৰু ১৫ মাৰ্চত হাৰিয়ানাৰ পানীপাটৰ পাটিকাল্যানা (সমালখা)ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাত আলোচনা কৰা কিছু বিষয় প্ৰকাশ কৰে ৷ উল্লেখ্য, হাৰিয়ানাৰ সমালখাত অনুষ্ঠিত অখিল ভাৰতীয় প্ৰতিনিধি সভাত আৰম্ভনিতে ভাৰত মাতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আগবঢ়াই সৰসংঘচালক ডা: মোহন ভাগৱত আৰু দত্তাত্ৰেয় হোছাবালে। সংবাদ মেলত শইকীয়াই আৰ এছ এছৰ শতবাৰ্ষিকীত অনুষ্ঠিত প্ৰতিনিধি সভাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৪৬ খন প্ৰান্তৰ ১৪৩৮ জন কৰ্মকৰ্তা (প্ৰতিনিধি) উপস্থিত থাকে বুলি উল্লেখ কৰে ৷ আনহাতে, সংঘৰ শতবৰ্ষৰ বিজয়া দশমী সৰ্বভাৰতীয় কাৰ্যক্ৰমত ৬২,৫৫৫ টা কাৰ্যক্ৰমত ৩২,৪৫,১৪১ জন লোকে অংশগ্ৰহণ কৰে ৷ তদুপৰি, শতবৰ্ষৰ গৃহ সম্পৰ্ক অভিযানত সমগ্ৰ দেশত ৩,৮৯,৪৬৫ টা পৰিয়ালৰ ১০,০২,১২,১৬২ জন লোকক সম্পৰ্ক কৰাৰ বিপৰীতে উত্তৰ অসম প্ৰান্তৰ ১৩,০৬১ খন গাঁৱৰ ১১,১৫,১৬৫ টা পৰিয়ালত সম্পৰ্ক কৰা হয় ৷ উক্ত কাৰ্যক্ৰমত ২,০২৮ টা মণ্ডলৰ ১৬,৯৪০ জন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰি সংঘযাত্ৰা নামৰ ৩,০৬,৮০৬ খন কিতাপ ১৪,৪৬,৪০১ গৰাকীলোকৰ ওচৰত বিক্ৰি কৰা হয় বুলি শইকীয়াই সদৰি কৰে ৷
আনহাতে, সৰ্বভাৰতীয় হিন্দু সন্মিলন ৩৭ প্ৰান্তত ৩৭,০৪৮ খন অনুষ্ঠিত হয় ৷ উক্ত সন্মিলনত ৩,৪৯,৩৫,২১১ গৰাকী লোকৰ ১,৯৩,৪০,০৮৭ গৰাকী পুৰুষৰ বিপৰীতে ১,৫৫,৯৫,১২৮ মহিলাই অংশগ্ৰহণ কৰে ৷ হিন্দু সন্মিলন উত্তৰ অসম প্ৰান্তৰ ১,১২৮ খন সন্মিলনত ৬,৪০,৩১০ জন লোকে অংশগ্ৰহণ কৰে ৷ ইয়াৰে ২,৩০,১৫০ গৰাকী পুৰুষৰ বিপৰীতে ৪,১০,১৬০ গৰাকী মহিলা ৷ ইয়াত অংশগ্ৰহণকাৰী গাঁৱৰ সংখ্যা ৭,৫৭০ খন ৷ বৰ্তমান সমগ্ৰ দেশত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৫৯,০০৪ টা মণ্ডলৰ ৫৫, ৬৮৩ টা স্হানত ৮৮,৯৩৯ টা শাখা চলি আছে বুলি প্ৰান্ত কাৰ্যবাহ গৰাকীয়ে জানিবলৈ দিছে ৷ ইফালে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক বৰ্ষৰ পৰা ভৌগলিক ক্ষেত্ৰ সন্দৰ্ভত প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে কয় যে, পূৰ্বৰ ১১ টা ক্ষেত্ৰৰ সলনি ৯ টা ক্ষেত্ৰ, ৪৪ টা প্ৰান্তৰ সলনি ৮৫ টা সংভাগত ভাগ কৰি ভৌগলিক ৰচনা কৰা হৈছে ৷ অৱশ্যে, ৰাজ্যভিত্তিত এখন প্ৰদেশ সমিতি থাকিব ৷ সংঘৰ কাৰ্যবিস্তাৰৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ ভাগত ভাগ কৰা হৈছে বুলি কিশোৰ শিৱমে জানিবলৈ দিছে ৷ আজিৰ সংবাদ মেলত অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহান্তি, প্ৰান্ত কাৰ্যবাহ খগেন শইকীয়া আৰু প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱম উপস্হিত থাকে ৷
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.