শেহতীয়া আপডেটঃ

“ফাগুন- গছৰ পৰা জীৰ্ণ পাতবোৰ সৰি পৰিছে বুলিয়েই গছজোপাৰ মৃত্যু হোৱা নাই, বৰঞ্চ নতুন কুঁহিপাত ওলোৱাৰ বাবেহে এই ত্যাগ”

প্ৰকৃতি পৰিবৰ্তনশীল আৰু মানৱ জীৱনৰ নতুন আৰম্ভণি অৰ্থাৎ গছজোপাৰ মৃত্যু হোৱা নাই, বৰঞ্চ নতুন কুঁহিপাত ওলোৱাৰ বাবেহে এই ত্যাগ। ঋতুচক্ৰৰ প্ৰকৃতি পৰিবৰ্ক আৱৰ্তনে আমাক শিকায় যে পুৰণিৰ বিদায় অবিহনে নতুনৰ আগমন অসম্ভৱ।

“ফাগুন- গছৰ পৰা জীৰ্ণ পাতবোৰ সৰি পৰিছে বুলিয়েই গছজোপাৰ মৃত্যু হোৱা নাই, বৰঞ্চ নতুন কুঁহিপাত ওলোৱাৰ বাবেহে এই ত্যাগ”

ফাগুনক কোনো স্থিৰ সংজ্ঞাৰে বান্ধিব নোৱাৰি। ই কেতিয়াবা যদি উদাস, কেতিয়াবা অতিপাত চঞ্চল। শীতৰ সেই জঠৰতা ভাঙি পচোৱা বতাহজাক যেতিয়া বয়, তেতিয়া যেন সকলো ওলট-পালট কৰি দিব খোজে। আকাশত ধূলিৰ উৰণী আৰু শুকান পাতৰ খৰখৰণি—এই সকলোবোৰ মিলাই ফাগুন হৈ পৰে এক অনন্য অনুভূতি। চৌপাশৰ দৃশ্য-পলাশ, মদাৰৰ ৰঙীন মেলা । ফাগুনৰ প্ৰকৃতি যেন এগৰাকী তেজস্বী গাভৰু। ৰঙা আগ্নেয়গিৰি উদং ডালত তেজৰঙা হৈ ফুলি উঠা পলাশ আৰু শিমলুৱে জনাই দিয়ে যে বসন্ত দুৱাৰদলিত আহি উপস্থিত। শুকান পাতৰ দলিচাৰ বননিবোৰত সৰি পৰা পাতবোৰৰ ওপৰেৰে খোজ কাঢ়িলে সৃষ্টি হোৱা শব্দবোৰেই ফাগুনৰ সংগীত হৈ পৰে। ফাগুনৰ কোনো কৃত্ৰিম সুগন্ধিৰ প্ৰয়োজন নাই, ই মৌ-, বিভোৰ আমোলমোল ঘ্ৰাণ। বতাহত ওপঙি থকা আমৰ মুকুলৰ মিঠা সুগন্ধিয়ে মনটো এক অচিন দেখলৈ লৈ যায়। বতাহত জুমুথি পৰা বন্য ফুলৰ গোন্ধ আৰু মাটিৰ শুকান সোঁদা গোন্ধটোৱে এক অদ্ভুত নিচা সৃষ্টি কৰি দিয়া বসন্তৰ আগজাননী।অসমীয়া সাহিত্য আৰু সংগীতত ফাগুন মানেই বিৰহ আৰু মিলনৰ এক দোমোজা। ফাগুনৰ পচোৱাই কেৱল ধূলিকেই নুৰুৱায়, মনৰ চুকত থকা পুৰণি স্মৃতিবোৰকো জোকাৰি থৈ যায়। কাৰোবাৰ বাবে ফাগুন মানে হেৰুৱা জনৰ বাবে হাহাকাৰ, আকৌ কাৰোবাৰ বাবে ই নতুনকৈ প্ৰেমত পৰাৰ এক অজুহাত।

​ফাগুনত কুলিৰ ,সেই প্ৰথমটো, কুউকুউ মাতে যেন হৃদয়ৰ কোনোবা এক গভীৰ কোণত নতুন আশাৰ সঞ্চাৰ কৰে।

​প্ৰকৃতিৰ এক মহৎ শিক্ষা।ফাগুন আমাৰ বাবে এক প্ৰেৰণা। ই আমাক শিকায় যে—সৰি পৰাটোৱেই শেষ নহয় । গছৰ পৰা জীৰ্ণ পাতবোৰ সৰি পৰিছে বুলিয়েই গছজোপাৰ মৃত্যু হোৱা নাই, বৰঞ্চ নতুন কুঁহিপাত ওলোৱাৰ বাবেহে এই ত্যাগ। হে ফাগুন, তোমাৰ এই ৰুক্ষতাৰ মাজতো থকা স্নিগ্ধতাৰ বাবে তোমাক ধন্যবাদ। তুমি আহা বুলিয়েই আমি বসন্তৰ মূল্য বুজি পাওঁ। তুমি আমাক শিকোৱা যে ধুমুহাৰ পাছতেই এক শান্তিময় ৰঙীন পৃথিৱীৰ সৃষ্টি হয়।ফাগুন মানেই এক উখল-মাখল পৰিৱেশ। ক’ৰবাত যদি ৰঙা মদাৰৰ উচাহ, আনফালে আকৌ সৰি পৰা শুকান পাতৰ উদাস কৰা বিষাদ। ফাগুনত আকৌ কবিৰ মনৰ মাজৰে আৱেগিক অনুভৱ -অনুভূতি এনেদৰে প্ৰকাশ পায় -ফাগুনৰ বিষাদ গাথাৰ বৰ্ণনা –

বতাহত আজি উৰিছে ধূলিৰ সৈতে

স্মৃতিৰ হেজাৰ বুকুত সাঁচি থোৱা কথা,

নঙলা মুখৰ সেই বুঢ়া শিমলু জোপাই

আকৌ এবাৰ ক’লে

এয়াই চাগে ফাগুনৰ পুৰণি ব্যথা।

​পছোৱাজাকে আহি কাণে কাণে কৈ যায়,

“হেৰুৱা সুৰবোৰ আকৌ বিচাৰি পাৱ নে?”

মই মাথোঁ চাই ৰওঁ—

ৰঙা মদাৰৰ পাহিবোৰ সৰি পৰা,

আৰু এজাক ধূসৰ সপোনৰ সমাধি গঢ়া।

​প্ৰতিটো ফাগুনত তোমাক হেৰুৱাৰ ভয়,

অথচ ফাগুনেই কঢ়িয়াই আনে তোমাৰ ঠিকনা;

শুকান পাতৰ মৰমৰ শব্দত

আজি বিচাৰি পাওঁ

মোৰ আধৰুৱা হৃদয়ৰ একাকী যন্ত্ৰণা।

​তুমি আহিবা বুলি বাট চাই ৰওঁতে

মোৰ চোতালত এতিয়া কেৱল শুকান পাতৰ দলিচা,

ফাগুনটো যোৱাৰ পিছত আকৌ চাগে

বসন্তই সুধিব মোক,

“ক’তা, তোমাৰ সেই প্ৰিয়জনৰ বাতৰি পালে জানো?”

প্ৰকৃতি পৰিবৰ্তনশীল আৰু মানৱ জীৱনৰ নতুন আৰম্ভণি অৰ্থাৎ গছজোপাৰ মৃত্যু হোৱা নাই, বৰঞ্চ নতুন কুঁহিপাত ওলোৱাৰ বাবেহে এই ত্যাগ। ঋতুচক্ৰৰ প্ৰকৃতি পৰিবৰ্ক আৱৰ্তনে আমাক শিকায় যে পুৰণিৰ বিদায় অবিহনে নতুনৰ আগমন অসম্ভৱ। প্ৰকৃতিৰ , কিন্তু প্ৰকৃততে এইয়া গছজোপাৰ মৃত্যু হোৱা নহয়, বৰঞ্চ এক নতুন সম্ভাৱনাৰ প্ৰস্ততিহে । ত্যাগ কৰি পুনৰ্জন্ম -গছজোপাই নিজৰ গাত লাগি থকা লেতেৰা বা জীৰ্ণ পাতবোৰ ত্যাগ নকৰিলে নতুন কুঁহিপাত ওলোৱাৰ বাবে ঠাই নোলাব। এই ত্যাগ কোনো লোকচান নহয়, ই হ’ল পৰিবৰ্তন এক অনিবাৰ্য অংশ। প্ৰকৃতিৰ এই নিয়মৰ দৰেই আমাৰ মানৱ জীৱনতো বহুতো পুৰণি অভ্যাস, দুখ আৰু বিফলতাৰ বোজা থাকে। আমি যদি সেইবোৰ ত্যাগ কৰিব নোৱাৰো, তেন্তে জীৱনত নতুন চিন্তা বা নতুন উৎসাহৰ কোনো স্থান নাথাকিব। ফাগুনে আমাক সংগ্ৰাম আৰু ধৈৰ্য্যৰ পাৰ্থক্য দেখাই -পাত নোহোৱা গছজোপাই ৰ’দ-বৰষুণৰ মাজত স্থিৰ হৈ থাকি আমাক ধৈৰ্য্য ধৰিবলৈ শিকায়। গছজোপাই জানে যে এই শূন্যতা স্থায়ী নহয়। ঠিক তেনেদৰে, জীৱনৰ কঠিন সময়বোৰেও আমাক এয়াই সোঁৱৰাই দিয়ে যে- ,

ৰৈ থাকে এজাক সেউজীয়াৰ বাবে

​গছজোপাই জানে, এই শূন্যতা স্থায়ী নহয়,

হিম চেঁচা বতাহত কঁপিও তাই থিয় হৈ ৰয়।

মৰহা পাতবোৰৰ বিয়োগত তাই কান্দি নবহে,

বৰঞ্চ মাটিৰ গভীৰলৈ শিপাহে চলাই নিয়ে।

​ঠিক তেনেদৰে, জীৱনৰ কঠিন সময়বোৰেও আমাক এয়াই সোঁৱৰাই দিয়ে—

আন্ধাৰ যিমানেই ঘন নহওক কিয়,

পূৱতি তৰাটোৱে পোহৰৰ বতৰা কঢ়িয়াই আনে।

​চকুৰ পানীৰো এটা ভাষা থাকে,

যিয়ে বুকুৰ খহনীয়াৰ কথা কয়।

কিন্তু পাহৰি নাযাব,

শুকান ডালতো আকৌ কুঁহিপাত ওলায়,

যিদিনা ধৈৰ্যৰ আকাশত হেঁপাহৰ ৰ’দালি জিলিকি ৰয়।

​শূন্যতাই আমাক শেষ নকৰে,

শূন্যতাই কেৱল নতুনকৈ গঢ়িবলৈ হিয়াৰ থল দিয়ে।

বসন্তৰ আগমন যেনেকৈ ধ্ৰুৱ সত্য,

আপোনাৰ দুখৰ শেষো ঠিক তেনেকৈ নিশ্চিত। অৰ্থাৎ, ত্যাগৰ পৰাই শক্তিৰ জন্ম হয়। গতিকে জীৱনত কিবা হেৰুৱালে হতাশ হোৱাৰ পৰিৱৰ্তে আমি বিশ্বাস ৰাখিব লাগে যে—প্ৰকৃতিয়ে আমাক তাতকৈ সুন্দৰ কিবা এটা দিয়াৰ বাবেহে পুৰণি খিনি আমাৰ পৰা আঁতৰাই নিছে। নতুন কুঁহিপাতেৰে গছজোপা পুনৰ জিলিকি উঠাৰ দৰেই আমাৰ জীৱনো নতুন আশাৰে জিলিকি উঠিব।

 

ৰাজশ্ৰী সেনাপতি গগৈ,
ডিব্ৰুগড়

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.