শেহতীয়া আপডেটঃ

ETV Bharat-তে শিশুসকলৰ বাবে মুকলি কৰিলে ‘ইটিভি বাল্য ভাৰত’

হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কে ইংৰাজীসহ ভাৰতৰ ১১ টা আঞ্চলিক ভাষাত শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰে

● ডিজিটেল নিউজ ডেস্ক, গুৱাহাটীঃ
হায়দৰাবাদস্থিত দেশৰ অগ্ৰণী চেটেলাইট টেলিভিচন নেটৱৰ্ক আৰু মনোৰঞ্জন ব্ৰেণ্ড ইটিভি ভাৰতে মুকলি কৰিলে ইয়াৰ নৱতম সংযোজন ‘ইটিভি বাল্য নিউজ। ইংৰাজীসহ দেশৰ ১১ টা আঞ্চলিক ভাষাত মুকলি কৰা হৈছে শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’। ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওৱে মঙলবাৰে মুকলি কৰিলে এই চেনেলটো।

হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কে ইংৰাজীসহ ভাৰতৰ ১১ টা আঞ্চলিক ভাষাত আনুষ্ঠানিকভাৱে শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰে। ‘ইটিভি বাল্য ভাৰতে’ শিশুসকলক মনোৰঞ্জন দিয়াৰ লগতে জিজ্ঞাসা পূৰণতো সহায় ভাৱে।

শিশুসকলৰ বাবে বিশেষভাৱে মুকলি এই কাৰ্টুন চেনেল কেইটাই ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাক সামৰি ল’ব। অৰ্থাৎ ইংৰাজী ভাষাৰ উপৰিও অসমীয়া, বঙালী, গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, মালায়ালম, ওড়িয়া, পাঞ্জাৱী, তেলেগু আৰু তামিল ভাষাত এই চেনেলটোৰ জৰিয়তে আমোদ লাভ কৰিব দৰ্শকসকলে৷ যাদু বিশ্বাস কৰা আৰু মাতৃভাষাৰ কাহিনীবোৰে শিশুসকলক দূৰদৰ্শনৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।

অনুসন্ধিৎসু মন আৰু হাঁহি-ধেমালিৰে ভৰা শৈশৱ কাল ‘বাল্য ভাৰত’ৰ জৰিয়তে শৈশৱ উদযাপনৰ বাবে ‘ইটিভি ভাৰতে’ এই বিশেষ প্ৰচেষ্টা হাতত লৈছে। শিশুৰ সৈতে জড়িত বিভিন্ন সমল ইটিভি ভাৰতৰ ‘বাল্য ভাৰতে’ লৈ আহিছে৷ ই শিশুসকলক অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

আকৰ্ষণীয় বৰ্ণনা আৰু আকৰ্ষণীয় চৰিত্ৰৰ সৈতে সমৰ্পিত টিভি চেনেলটোৱে দুঃসাহসিক, এক্সন আৰু কৌতুকৰ কাহিনীৰ জৰিয়তে শিশুক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ চেনেলটোৱে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে দৰ্শকৰ পচন্দক গুৰুত্ব দিয়াৰ লগতে নিৰ্দিষ্ট অঞ্চলটোৰ আঞ্চলিক বিষয়বোৰক প্ৰাধান্য দিছে৷ চেনেলটোৱে বিভিন্ন ৰহস্য, কল্পনা, চলচ্চিত্ৰ আদিৰ ওপৰতো গুৰুত্ব দিব। অভিমন্যুৰ দৰে আড়ম্বৰপূৰ্ণভাৱে কোৱা এনিমেচন শৃংখলাৰ জৰিয়তে শৈশৱ উদযাপন, শিশুসকলৰ কৌতুহলপূৰ্ণ মনোভাৱ আৰু কৌতুহল পূৰণ কৰিব পৰাকৈ ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰা হৈছে৷

সংগ্ৰহঃ ইটিভি ভাৰত, অসম

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.