Wednesday, May 21, 2025
24 C
Guwahati

ETV Bharat-তে শিশুসকলৰ বাবে মুকলি কৰিলে ‘ইটিভি বাল্য ভাৰত’
E

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কে ইংৰাজীসহ ভাৰতৰ ১১ টা আঞ্চলিক ভাষাত শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰে

● ডিজিটেল নিউজ ডেস্ক, গুৱাহাটীঃ
হায়দৰাবাদস্থিত দেশৰ অগ্ৰণী চেটেলাইট টেলিভিচন নেটৱৰ্ক আৰু মনোৰঞ্জন ব্ৰেণ্ড ইটিভি ভাৰতে মুকলি কৰিলে ইয়াৰ নৱতম সংযোজন ‘ইটিভি বাল্য নিউজ। ইংৰাজীসহ দেশৰ ১১ টা আঞ্চলিক ভাষাত মুকলি কৰা হৈছে শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’। ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাওৱে মঙলবাৰে মুকলি কৰিলে এই চেনেলটো।

হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কে ইংৰাজীসহ ভাৰতৰ ১১ টা আঞ্চলিক ভাষাত আনুষ্ঠানিকভাৱে শিশুসকলৰ মনোৰঞ্জনধৰ্মী চেনেল ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰে। ‘ইটিভি বাল্য ভাৰতে’ শিশুসকলক মনোৰঞ্জন দিয়াৰ লগতে জিজ্ঞাসা পূৰণতো সহায় ভাৱে।

শিশুসকলৰ বাবে বিশেষভাৱে মুকলি এই কাৰ্টুন চেনেল কেইটাই ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাক সামৰি ল’ব। অৰ্থাৎ ইংৰাজী ভাষাৰ উপৰিও অসমীয়া, বঙালী, গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, মালায়ালম, ওড়িয়া, পাঞ্জাৱী, তেলেগু আৰু তামিল ভাষাত এই চেনেলটোৰ জৰিয়তে আমোদ লাভ কৰিব দৰ্শকসকলে৷ যাদু বিশ্বাস কৰা আৰু মাতৃভাষাৰ কাহিনীবোৰে শিশুসকলক দূৰদৰ্শনৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।

অনুসন্ধিৎসু মন আৰু হাঁহি-ধেমালিৰে ভৰা শৈশৱ কাল ‘বাল্য ভাৰত’ৰ জৰিয়তে শৈশৱ উদযাপনৰ বাবে ‘ইটিভি ভাৰতে’ এই বিশেষ প্ৰচেষ্টা হাতত লৈছে। শিশুৰ সৈতে জড়িত বিভিন্ন সমল ইটিভি ভাৰতৰ ‘বাল্য ভাৰতে’ লৈ আহিছে৷ ই শিশুসকলক অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

আকৰ্ষণীয় বৰ্ণনা আৰু আকৰ্ষণীয় চৰিত্ৰৰ সৈতে সমৰ্পিত টিভি চেনেলটোৱে দুঃসাহসিক, এক্সন আৰু কৌতুকৰ কাহিনীৰ জৰিয়তে শিশুক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ চেনেলটোৱে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে দৰ্শকৰ পচন্দক গুৰুত্ব দিয়াৰ লগতে নিৰ্দিষ্ট অঞ্চলটোৰ আঞ্চলিক বিষয়বোৰক প্ৰাধান্য দিছে৷ চেনেলটোৱে বিভিন্ন ৰহস্য, কল্পনা, চলচ্চিত্ৰ আদিৰ ওপৰতো গুৰুত্ব দিব। অভিমন্যুৰ দৰে আড়ম্বৰপূৰ্ণভাৱে কোৱা এনিমেচন শৃংখলাৰ জৰিয়তে শৈশৱ উদযাপন, শিশুসকলৰ কৌতুহলপূৰ্ণ মনোভাৱ আৰু কৌতুহল পূৰণ কৰিব পৰাকৈ ‘ইটিভি বাল্য ভাৰত’ মুকলি কৰা হৈছে৷

সংগ্ৰহঃ ইটিভি ভাৰত, অসম

- Advertisement -

Hot this week

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
21.8 ° C
21.8 °
21.8 °
97 %
1.6kmh
100 %
Wed
34 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds