Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

বিশ্বনাথত কৃষকৰ মাজত ফচল বীমা পলিচি বিতৰণ

- Advertisement -

বিশ্বনাথত কৃষকৰ মাজত ফচল বীমা পলিচি বিতৰণ

বিশ্বনাথ চাৰিআলি ৩ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱ ইণ্ডিয়া ৭৫’ অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ২০২২ বৰ্ষৰ খাৰিফ বতৰত “মেৰী পলিচি মেৰে হাথ” নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে ১ ছেপ্টেম্বৰ,২০২২ৰ পৰাই কৃষি বিভাগৰ তত্ত্বাৱধানত নিৰ্দিষ্ট বীমা কোম্পানীৰ প্ৰতিনিধিৰ জৰিয়তে আঁচনিত পঞ্জীয়নভুক্ত প্ৰতিজন কৃষকক পলিচি সম্পৰ্কীয় নথি-পত্ৰ দুৱাৰ দলিতে তুলি দিয়া হয় ৷

এই কাৰ্যসূচীৰে অংশ হিচাপে আজি বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত বিশ্বনাথ ৰাজ্যিক গ্ৰামীণ বিকাশ প্ৰতিষ্ঠানত “মেৰী পলিচি মেৰে হাথ” অভিযানৰ অংশ স্বৰূপে ফচল বীমা পলিচি বিতৰণ কৰা হয়। এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী অৱ্ ইণ্ডিয়া লিমিটেডৰ সদস্যৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (শালি ধান আৰু মাটিমাহ)ৰ পলিচি বিতৰণ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা কৃষি বিষয়া দীপক বাঢ়ৈ আৰু মহকুমা কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ নাৰ্জাৰীয়ে।

সভাত উপস্থিত থাকি বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ জিলাৰ প্ৰতিগৰাকী কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে ফচল বীমা যোজনাৰ পৰা কেনেদৰে কৃষকসকল উপকৃত হ’ব সেই সন্দৰ্ভতো সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। উক্ত সভাতেই উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু জিলা কৃষি বিষয়া দীপক বাঢ়ৈয়ে কৃষকসকলক বীমা পলিচি বিতৰণ কৰি তেওঁলোকৰ লগত মত বিনিময়ো কৰে।

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Topics

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °