
লালকিল্লাৰ সমীপত সোমবাৰে গাড়ী বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত মিলিত হয়। গৃহ মন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নির্দেশ দিয়ে।

বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্র দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। গুৱাহাটী মহানগৰীত নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অবলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে‘ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে।




