Friday, May 30, 2025
24.2 C
Guwahati
TOP NEWS:

পৰিস্মিতা ফুকনৰ কণ্ঠত মুক্তি পালে বুনিয়াদ মিউজিকেল প্ৰডাকচনৰ নতুন গীত ‘তোমাৰ গানে’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

দেৱজিত বৰাঃ বুনিয়াদ মিউজিকেল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু অৰ্পণা বড়াৰ দ্বাৰা প্ৰযোজিত এটি মনপৰশা আধুনিক গীত জনপ্ৰিয় কণ্ঠশিল্পী পৰিস্মিতা ফুকনৰ কণ্ঠত কাতি বিহুৰ দিনা মুক্তি লাভ কৰে ৷ ‘তোমাৰ গানে’ শীৰ্ষক গীতটিৰ কথা অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কবি, গীতিকাৰ তথা চিন্তাশীল লেখক ভূষণজ্যোতি সন্দিকৈৰ৷ গীতটিৰ সুৰ কৰিছে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক তথা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ মণি মহন্তই।দেৱজিত বৰাৰ পৰিকল্পনাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে লক্ষ্যজিত বৰুৱাই।

গীতটিৰ প্ৰচ্ছদ আৰু লিৰিকেল ভিডিঅ’ প্ৰস্তুত কৰিছে পাৰ্থ জিৎ হীৰাই৷ ডিব্ৰুগড়ৰ বকুলত অৱস্থিত বান্ধৈ কৃষি পামত কাতি বিহুৰ সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গীতটি শুভ উন্মোচন কৰে আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত বিহুগীতৰ শিল্পী তথা গীতিকাৰ-সুৰকাৰ ভুবন গগৈয়ে৷ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, সাংবাদিক ললিত শৰ্মা, লেখক-অধ্যাপক ডঃ লোহিত শইকীয়া, সাংস্কৃতিক কৰ্মী ৰঞ্জন গগৈ, বিহুৱা জিতেন দাস, ভূষণজ্যোতি সন্দিকৈ, আদিত্য শইকীয়াকে ধৰি স্থানীয় গণ্য মান্য ব্যক্তিসকল৷ আনহাতে সংবাদ মাধ্যমৰ আগত গীতটিৰ সম্পৰ্কত নিজৰ অভিমত দাঙি ধৰে কবি তথা চিন্তাশীল স্তম্ভ লেখক চামচুল বাৰিক, যুৱ প্ৰজন্মৰ নৱাগতা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰীতিৰাণী বৰগোহাঁই, গীতটিৰ কণ্ঠশিল্পী পৰিস্মিতা ফুকন আৰু সংগীত ব্যৱস্থাপক লক্ষ্যজিত বৰুৱাই৷ গীতটি ইউটিউবত বুনিয়াদ মিউজিকেল প্ৰডাকচন যোগে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ বাবে বৰ্তমান উপলব্ধ৷

- Advertisement -

Hot this week

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
moderate rain
24.1 ° C
24.1 °
24.1 °
97 %
1.2kmh
100 %
Thu
24 °
Fri
24 °
Sat
31 °
Sun
30 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds