বিশ্বনাথাত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰেমানন্দ প্ৰভুৰ ::
অসম খবৰ বিহালী ২০ নৱেম্বৰ :: বিশ্বনাথ চাৰিআলি খঁৰাশিমলু নিবাসী বিশিষ্ট সমাজ সেৱক জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হয় বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰেমানন্দ প্ৰভু। উল্লেখ যে ১৫ নৱেম্বৰ তাৰিখে বিশ্বনাথৰ খঁৰাশিমলু তথা বিশ্বনাথৰ বিশিষ্ট সমাজ সেৱক জয়ন্ত বৰাৰ পিতৃ খগেন বৰাৰ পৰলোকপ্ৰাপ্তি ঘটে ।
এই খবৰ লাভ কৰিয়েই কালি অৰ্থাৎ বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় ৬ঃ০০ বজাত বৰপেটা জিলাৰ সৰ্থেবাৰী, ন-সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দ প্ৰভু উপস্থিত হৈ প্ৰয়াত খগেন বৰালৈ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালটোৰ দুখৰ সমভাগী হয় ।
আনহাতে প্ৰেমানন্দ প্ৰভুৰ বিশ্বনাথ আগমনৰ বতৰা পাই অসংখ্য ভক্ত তথা তেখেতৰ অনুৰাগী সকলে প্ৰভুৰ দৰ্শন কৰি সেৱা লোৱাৰ এক আধ্যাত্মিক পৰিৱেশো দেখা গৈছিল ।
ভক্ত সকলক লগ পাই প্ৰভু প্ৰেমানন্দও আনন্দিত হৈছিল । তেখেতে সমাজৰ মঙ্গলৰ বাবে সদায় চিন্তা কৰি যোৱাৰ কথাও প্ৰসঙ্গত উল্লেখ কৰে ।





