31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা পানী যোগান আৰু অনাময় মিচনৰ উদ্যোগ বিভিন্ন ক্ষেত্ৰত উত্তম পাৰদৰ্শিতাৰ বাবে ১৮ টা জল সেৱা বঁটা প্ৰদান

    বিশ্বনাথ জিলা পানী যোগান আৰু অনাময় মিচনৰ উদ্যোগ

     

    বিভিন্ন ক্ষেত্ৰত উত্তম পাৰদৰ্শিতাৰ বাবে ১৮ টা জল সেৱা বঁটা প্ৰদান

     

    বিশ্বনাথ , ২১ নৱেম্বৰ:_ বিশ্বনাথ জিলাত জল জীৱন মিচনৰ অধীনত ৰূপায়ন কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ পৰিচালনাকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তি, ঠিকাদাৰ, জলমিত্ৰ, জলদূত আদিৰ মাজত ১৮ টিকৈ জল সেৱা প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ কাৰ্যালয় চৌহদত আজি অনুষ্ঠিত হোৱা এখন বিশেষ সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জল জীৱন মিচনৰ অভিযন্তা, বিষয়া কৰ্মচাৰী আৰু বিশুদ্ধ খোৱা পানী যোগান আঁচনি সমূহৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানটি জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা হয়। সহকাৰী কাৰ্য্যবাহী অভিযন্তা শৰৎ কুমাৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈ, অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা তথা জল জীৱন মিচনৰ জিলা জ্যেষ্ঠ পৰামৰ্শদাতা দুল ভট্টাচাৰ্য, গহপুৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা দেবজিৎ সোণোৱাল, বিশ্বনাথ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা (কাৰিকৰী পৰামৰ্শদাতা) তুলসী নাৰায়ণ কলিতা, পৰামৰ্শদাতা হাদিউল ইছলাম, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়া গৰেহাগী পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি ত্ৰিদীপ বৰুৱা, শিক্ষক দামোদৰ শৰ্মা আদিয়ে জল জীৱন মিচনৰ দ্বাৰা ৰূপায়ন কৰা আচঁনি সমুহ সঠিক ৰূপত পৰিচালনা কৰি তাৰ উৎকৃষ্ট লাভালাভ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। নাতিদীৰ্ঘ অনুষ্ঠানটিত স্ব ৰচিত কবিতা পাঠ কৰে কাৰ্যালয়ৰ কৰ্মচাৰী জোনামনি দাসে । উল্লেখ্য যে ২০১৯ চনত আৰম্ভ কৰা জল জীৱন মিচনৰ অধীনত বিশ্বনাথ জিলাত বৰ্তমানলৈকে সাত শতাধিক পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছে আৰু ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা ইয়াৰে গৰিষ্ঠ সংখ্যক আঁচনিয়ে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম হৈছে। জল জীৱন মিচনৰ অধীনৰ এই আঁচনিৰ বিভিন্ন ক্ষেত্ৰত জড়িতসকলৰ মাজৰে উত্তম পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে আজি ১৮ টিকৈ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এই বটাঁত আছে ফুলাম গামোচা, এটা স্মাৰক আৰু একোখনিকৈ মান পত্ৰ। জল জীৱন মিচনৰ বিশ্বনাথ জিলাৰ তথ্য, জ্ঞান আৰু যোগাযোগ সমন্বয়ক স্বাতী হাজৰিকাই পৰিচালনা কৰা বটাঁ প্ৰদান অনুষ্ঠানটিত বটাঁ (ছেপ্তেম্বৰ-নবেম্বৰ) লাভ কৰে ক্ৰমে জল মিত্ৰ শিতানত প্ৰতাপগড় পানী যোগান আঁচনিৰ ৰাজ দণ্ডাশী, মাৰপবস্তি পানী যোগান আঁচনিৰ লৱ মুণ্ডা, শ্ৰেষ্ঠ ঠিকাদাৰ হিচাপে বিহালীৰ ৰাজকুমাৰ শৰ্মা, বিশ্বনাথৰ ভুপেন্দ্ৰ নাৰায়ণ বৰুৱা, নৱপুৰৰ শংকৰমন্দিৰ অংগনৱাড়ী কেন্দ্ৰৰ অঞ্জলী চৌধুৰী গগৈ, জৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সবিতা দেৱী, হাটখোলা লাইন প্ৰাথমিক বিদ্যালয়ৰ জিম্বেশ্বৰ মহানন্দ, হৰেশ্বৰ গোৱালা মধ্য ইংৰাজী বিদ্যালয়ৰ নৰেন ছেত্ৰী, বিহালী কল্যাণী আত্ম সহায়ক গোটৰ ইন্দিৰা দেৱী, লাহনী আত্ম সহায়ক গোটৰ নিতু ভূমিজ, গৰেহাগী, কমাৰগাওঁ আৰু নিজ বিশ্বনাথ পানী যোগান আঁচনিৰ ক্ৰমে ত্ৰিদীৱ বৰুৱা, প্ৰকাশ চাহু আৰু পুষ্প দাস, এফ এইচ টি চি শাখাত কোছগাওঁ পানীযোগান আঁচনিৰ ৰানা হাজৰিকা, চন্দন হাজৰিকা, কমাৰ গাঁও পানী যোগান আঁচনিৰ সাবিত্ৰী গুপ্তা, জল দূত শিতানত চাৰিআলি একাডেমীৰ দশম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী ক্ৰমে চন্দনা বৰা আৰু অন্তৰা শ্বেখে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds