কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ বাবে ব্যাপক আয়োজন চলিছে। মৃৎ শিল্পীসকলে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিছে। কাইলৈ পুৱাতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশ্বখনিকৰক আৰাধনা কৰা হ’ব। শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হ’ব। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব।
ৰাজ্যজুৰি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ
ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg