31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    অসমৰ ব্যৱসায়ীক মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াত চেপা উত্তেজনাঃ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান গোৱালপাৰা জিলা আমছুৰ

    ■ ক’ভিড ১৯ নিয়ন্ত্ৰণৰ বাবে আংশিক লক ডাউন ঘোষণা হোৱাৰে পৰা সৰু- বৰ সকলো শ্রেণীৰ ব্যৱসায়ী, শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এই সমস্যাৰ পৰা মুক্ত নহয় গোৱালপাৰা জিলাৰ শ্ৰমিক ব্যবসায়ী সকলো৷ ইয়াৰ মাজতে চৰকাৰে শিথিল কৰি দিলে লক ডাউন। এনে পৰিস্থিতিত ব্যৱসায়ী সকলৰ মুখলৈ কিছু পানী আহিছিল যদিও দুধনৈ,কৃষ্ণাই অঞ্চলৰ ক্ষুদ্র ব্যৱসায়ী তথা সাপ্তাহিক বজাৰত দোকান দিয়া হাটুৱা সকলোক মেঘালয় চৰকাৰে প্ৰৱেশ কৰিব নিদিয়াৰ ফলত মেঘালয়ত ব্যৱসায় কৰা ব্যৱসায়ী সকলোৰ দুখ কুলাই পাছিয়ে নধৰা হৈছে।

    এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি আজি গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীৰ নেতৃত্বত দুধনৈ হাটুৱা সন্থা, কৃষ্ণাই আঞ্চলিক মটৰ শ্রমিক সন্থা আৰু মেঘালয়ৰ কিছু সচেতন নাগৰিকে নৰ্থ গাৰো হিলচৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে আৰু অসম মেঘালয় দুয়োখন চৰকাৰে আলোচনা কৰি কভিড প্ৰট’কল মানি ব্যৱসায়ী সকলোক ব্যৱসায় কৰাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।

    এই সন্দৰ্ভত গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে কয় যে,  মেঘালয়ৰ মানুহ যদি অসমত অহা যোৱা কৰিলে কৰণা নহয় তেন্তে অসমৰ ব্যৱসায়ী মেঘালয়ত প্ৰৱেশ কৰাত আপত্তি কিহৰ। শীঘ্রেই অসমৰ ব্যৱসায়ী শ্ৰমিক সকলোক মেঘালয়ত ব্যৱসায় কৰাৰ ব্যৱস্থা কৰাৰ লগতে দুখীয়া ব্যৱসায়ী সকলোক লক ডাউনৰ উপযুক্ত ক্ষতিপূৰণ প্রদান কৰিবলৈ অসম চৰকাৰক দাবী জনায় আমছুৱে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds