বিশ্বনাথ জিলাৰ বিহালীত সোমবাৰে
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাইজৰ দৃষ্টিত স্বাধীনতা শীৰ্ষক আলোচনা সভা অনুষ্ঠিত কৰে। বৰগাওঁ চাহ বাগিচাত পালন কৰা স্বাধীনতা দিৱসত প্ৰথম কাৰ্য্যসূচী হিচাপে পুৱা পতকা উত্তোলন কৰে বিহালীত স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা স্বনামধন্য মোলান চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ সদস্য তথা বিশিষ্ট সমাজকৰ্মী অজয় শৰ্মাই লগতে বিহালীৰ আন এগৰাকী মুক্তিযোদ্ধা স্বনামধন্য নন্দীৰাম বৰাৰ সহধৰ্মিনী অকন বৰা উপস্থিত থাকে।

দ্বিতীয় কাৰ্য্যসূচীত “ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ” শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।
বিশিষ্ট ব্যক্তি বৈশাখু ৰায় ঘাটোৱাৰৰ সভাপতিত্ব অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলৰ সম্পাদক কৃষ্ণ পাইক আৰু উদ্বোধনী ভাষন প্ৰদান কৰে কৃষক মহাসভাৰ নেতা লক্ষীকান্ত কুৰ্মীয়ে।সভাখনত বিশিষ্ট সমাজকৰ্মী অজয় শৰ্মা,সাংবাদিক প্ৰণীতা ৰায় ভূঞা,চিপিআই(এম-এল)ৰ জিলা সম্পাদক নাৰায়ণ পৌড়েল,অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সদস্যা উমা মহানন্দ,বৰগাওঁ চাহ বাগিচাৰ সভাপতি-সম্পাদক ৰাজেন খেৰুৱাৰ,চাজেন পৰ্জা, বৰগাং চাহ বাগিচা শাখা সমিতিৰ সভাপতি-সম্পাদক নৰেশ নাহেকীয়া,ৰাজু কেৰ্কেটা, বিপ্লৱী যুৱ সন্থাৰ নেতা মুকেশ চাহু, সদৌ ভাৰত ছাত্ৰ সন্থাৰ অসম ৰাজ্যিক সমিতিৰ উপসভাপতি জ্যোতিপ্ৰকাশ বৰাৰ লগতে সভাখনত মূখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰা বিহালীৰ বিশিষ্ট ব্যক্তি প্ৰবোধ বৰুৱা ডাঙৰীয়াই বক্তব্য প্ৰদান কৰে। বক্তব্যত স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো দেশ ভাৰতবৰ্ষৰ জনসাধাৰণে এতিয়াও উন্নয়নৰ নামত বহু পিছ পৰি আছে। কেনেদৰে পুঁজিপতিৰ শোষণ বঞ্চনাৰ পৰা আজিও জনসাধাৰণ মুক্ত হ’ব পৰা নাই, সেই সন্দৰ্ভত বক্তা সকলে বিষদভাৱে বৰ্ননা কৰে।





