31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    অসম সাহিত্য সভাই তথ্য-প্রযুক্তিক গুৰুত্ব দিয়ক

    মাননীয় সম্পাদক মহোদয়,

    সৰ্বপ্ৰথমে, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকললৈ অভিনন্দন জনালো। আশা কৰিছো তেওঁলোকৰ নেতৃত্বই সাহিত্য সভাক এক নতুন দিশ প্ৰদান কৰিব। বৰ্তমানৰ ডিজিটেল যুগত সভাৰ কাম-কাজ সমূহ অধিক সুচল আৰু শক্তিশালী কৰিবলৈ তথ্য-প্রযুক্তিৰ সু-প্ৰয়োগ কৰাটো অতি প্রয়োজনীয়। সক্রিয় ৱেবচাইটৰ যোগেদি দেশ-বিদেশত থকা শাখাসমূহৰ বিষয়ববীয়া, আজীৱন সদস্য আৰু অন্যান্য সদস্যসকলৰ তথ্য উপলব্ধ কৰিলে অসম সাহিত্য সভাৰ লগত জড়িত ব্যক্তি সকলৰ মাজত যোগাযোগ আৰু তথ্যৰ আদান-প্রদান সহজ হ’ব। ৱেবছাইটৰ যোগেদি অসম সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচীসমূহ উপলব্ধ কৰিলে সদস্য সকলৰ লগতে সাধাৰণ লোকসকলৰ মাজতো সচেতনতা বৃদ্ধি হ’ব। লেখকসকলৰ তালিকা প্রস্তুত কৰি তেওঁলোকৰ পৰিচয় আৰু কৰ্মৰাজি ৱেবচাইটত উপলব্ধ কৰিও অসম সাহিত্য সভাই এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷

    অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানত যোগদানৰ বাবে অনলাইনৰো ব্যৱস্থা গ্ৰহণ কৰিলে সভাৰ কাৰ্যসূচীসমূহত জনসাধাৰণৰ অংশগ্ৰহণৰ সংখ্যা আৰু আগ্ৰহ বৃদ্ধি পাব। অসম সাহিত্য সভাক অধিক গতিশীল আৰু সময়োপযোগী কৰি তুলিবৰ বাবে সভাৰ নৱনিৰ্বাচিত নেতৃত্বই এনেধৰণৰ পদক্ষেপ লোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰিলো।

    ড° বুলজিৎ বুঢ়াগোহাঁই,
    আজাৰা, গুৱাহাটী -৭৮১০১৭
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.