● ৰাজ্যৰ বিভিন্ন ঠাইত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়।
■ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দেওবাৰে তিনিচুকীয়া শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়। যুৱ ছাত্ৰ পৰিষদৰ নিজা কার্যালয় প্ৰাঙ্গনত নাম-কীৰ্তন কৰি পৰম্পৰাগত নীতি-নিয়মেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয় আৰু সন্ধিয়াৰ ভাগত এহেজাৰ এগছি বন্তি প্ৰজ্বলন কৰা হয়। জিলাখনৰ মাকুমতো প্রিয় শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়।
■ ডিব্ৰুগড় জিলাৰ চৌকিদিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি-ধর্ম নির্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয়। সন্ধিয়াৰ ভাগত চৌকিদিঙি খেলপথাৰত ১০০০ বন্তি প্ৰজ্বলন কৰা হয়।
■ শিৱসাগৰৰ দৌলমুখ চাৰিআলিতো অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে বিভিন্ন ধৰ্মৰ পুৰোহিতসকলে প্ৰাৰ্থনা কৰে। ঢেকীয়াজুলীত সদৌ অসম ছাত্রসন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোর্খা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল-সংগঠনৰ সহযোগত ছহিদ মৈদানত শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷



