31.3 C
Guwahati
Saturday, September 27, 2025
More

    শেহতীয়া আপডেটঃ

    স্বাস্থ্য বিভাগৰ ANM ফলাফল :: কি হ’ব

    অসম উন্নতি হৈছে । চাৰিওফালে পথ নিৰ্মাণ হৈছে‌ । বহু বিভাগত নিযুক্তি দিছে ।

    কিন্তু আন আন বিভাগৰ তুলনাত কিন্তু স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডত বৰ্তমান ও বহু কৰণীয় আছে। বিশেষকৈ স্বাস্থ্য খণ্ডত কৰণীয় আছে।

    অসমৰ স্বাস্থ্য খণ্ডত বৰ্তমান ও বহু পদ খালী হৈ আছে। সেই পথ সমূহ পুৰণৰ চিন্তা কৰিব লাগে চৰকাৰে।

    বিশেষকৈ স্বাস্থ্য খণ্ডত চিকিৎসক অভাৱ নাৰ্ছৰ অভাৱ। এক তথ্য অনুসৰি অসমৰ স্বাস্থ্য খণ্ডত কেইবাটাও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ল কিন্তু ফলাফল আজিও পোৱা নাই।

    বিশেষকৈ ANM সকল। যোৱা ২০২১ চন ১০ জানুৱাৰীত অসমৰ স্বাস্থ্য খণ্ড DHS বিভাগত 545 টা ANM পদৰ বিপৰীত লিখিত পৰীক্ষাত অনুষ্ঠিত হ’ল কিন্তু আজিও ফলাফল নাহিল।

    দ্বিতীয়তে 29 মে 2022 চনত আন এটা ANM পৰীক্ষা অনুষ্ঠিত হৈ গ’ল কিন্তু আজিও ফলাফল নাহিল।

    গতিকে পৰীক্ষা অনুষ্ঠিত হৈ গ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে আশাত বন্দী হৈ আছে কিন্তু কেতিয়া ফলাফল দিব তাৰ উত্তৰ নাই অসমৰ স্বাস্থ্য বিভাগৰ DHS হাতত।

    শেহতীয়াকৈ আন এক তথ্য অনুসৰি অসমৰ স্বাস্থ্য খণ্ডৰ DHS (FW) বিভাগত বৰ্তমান ও 711 টা ANM নাৰ্ছৰ পদ খালী আছে। আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে এই সমূহ পদৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া লগতে খালী পদ সমূহ পুৰনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.