31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী

    বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী

    বিশ্বনাথ ১৪ জুন:

    বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট ।

    অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰা আৰু অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত স্থায়ী শিক্ষক পদ সৃষ্টি কৰি তাৎক্ষণিক ভাবে নিযুক্তি ব্যবস্থা কৰাৰ দাবী জনাই বিশ্বনাথ চাৰিআলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যলয়ৰ সন্মূখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে আছু,অসম সংখ্যালঘু সংগ্ৰামী ছাত্ৰ পৰিষদ,অসম জাতীয় পৰিষদকে ধৰি অন্যান্য জাতীয় দল সংগঠনে অংশ গ্ৰহণ কৰে।

     

    এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী সকলে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষৰে সমালোচনা কৰাৰ লগতে তেওঁলোকৰ দাবী সমূহ মানি নললে চৰকাৰৰ বিৰুদ্ধে জংগী কাৰ্যসূচী গ্ৰহন কৰিব বুলি সকিয়াই দিয়ে।

     

    এই কাৰ্যসূচীত উপস্হিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দীয় সমিতিৰ অমৰ জ্যোতি বৰা,কেন্দ্ৰীয় সমিতিৰ অমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্য দেৱব্ৰত মেধি,বিশ্বনাথ জিলাৰ উপদেষ্টা নাচিৰ আহমেদ,জিলাৰ সভাপতি দিগন্ত বৰুৱা,সাধাৰণ সম্পাদক ধ্ৰুব জ্যোতি বৰা,জিলাৰ যুতীয়া সম্পাদক বিশ্বজিত দাস,প্ৰদীপ বৰা,জিলাৰ উপসভাপতি নিহাৰ শইকীয়া,দক্ষিন চাৰিআলি আঞংচলিকৰ সভাপতি যতীন বৰা,সদৰ আঞ্চলিকৰ সভাপতি দিগন্ত মিত্ৰ,আছুৰ লক্ষ্য হাজাৰিকা,তুষাৰ ভট্টাচাৰ্য,সদৌ অসম সংগ্ৰামী সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা নাজিৰ আলি,মহিবুৰ ৰহমান,অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলাৰ সভাপতি অমৃত হাজাৰিকা সহ আন বহু জাতীয় দল সংগঠনৰ নেতা কৰ্মী সকল উপস্হিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds