জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়।
ভালে সংখ্যক ছাত্র-ছাত্রীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱা হয়। ন্যায় সমদলত অংশ লৈ ছাত্ৰসন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব।
কাৰ গাফিলতিত কি ধৰণেৰে শিল্পী গৰাকীৰ মৃত্যু হ’ল সেয়া অসমৰ ৰাইজে জানিব লাগিব বুলি তেওঁ উল্লেখ কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, যে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাই ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। এছ আই টিয়ে দোষী সাৰি যাব নোৱৰাকৈ সাক্ষ্য প্রমাণ সহ এখন শক্তিশালী অভিযোগনামা দাখিল কৰিব লাগিব তেওঁ মন্তব্য কৰে।
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল
ছাত্ৰসন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব। কাৰ গাফিলতিত কি ধৰণেৰে শিল্পী গৰাকীৰ মৃত্যু হ'ল সেয়া অসমৰ ৰাইজে জানিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
Source:News On AIR
Via By: Asom Khobor
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations