https://asomkhobor.com/?post_type=poll&p=973
♥ পাৰ্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ শিৱসাগৰৰ নাজিৰাত পোহৰলৈ আহিছে মাতৃ স্নেহৰ এক অতুলনীয় নিদৰ্শনৰ কাহিনী। এজনী পোহনীয়া কুকুৰে নিজৰ দুগ্ধ পান কৰিব দিলে এটি বান্দৰৰ পোৱালিক। এই ঘটনা প্ৰত্যক্ষ কৰি এতিয়া সকলোৱে একেমুখে কৈছে, এয়াই প্ৰকৃত মাতৃ স্নেহ৷
মানুহৰ মাজত দিনক দিনে মানৱীয়তা হেৰাই যাবলৈ ধৰাৰ সময়তে পশুকুলৰ মাজত যেন বৃদ্ধি পাইছে আত্মীয়তা৷ তাৰেই প্ৰমাণ নাজিৰাৰ এজনী পোহনীয়া কুকুৰ। নাজিৰাৰ এই কুকুৰজনীয়ে মাতৃ স্নেহ দেখুৱাই মানৱ সমাজক যেন সোঁৱৰাই দিছে মাতৃত্ব আৰু আত্মীয়তাৰ নিৰ্ভেজাল মৰমৰ কথা৷
নাজিৰাৰ ওপৰ নাজিৰাৰ অৰুণ দত্ত নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় ছমাহ ধৰি এটি বান্দৰৰ পোৱালিক এজনী পোহনীয়া কুকুৰে বোকোচাত লৈ দুগ্ধপান কৰাই থকা দৃশ্যই মাতৃৰ মমতা আৰু দায়বদ্ধতাক পুনৰবাৰ মানুহৰ প্ৰতিষ্ঠা কৰিলে।
Leave a Reply Cancel reply