শোণিতপুৰ খাদ্য অসামৰিক যোগান বিভাগৰ অভিযান : দৰিদ্ৰ তেজ খোৱা ব্যৱসায় বিৰুদ্ধে এই অভিযান:
অবৈধ ভাৱে মজুত ৰখা ৪২৭ কুইন্টল চাউল জব্দ ::
খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বিসংগতি প্ৰতিৰোধ কৰিবলৈ আৰু প্ৰকৃত হিতাধিকাৰী সকলৰ অধিকাৰ সংৰক্ষণৰ কৰিবলৈ সমগ্র ৰাজ্য জুৰি আৰম্ভ হৈছে এক অভিযান। ৰাজ্যজুৰি চৰকাৰী ৰাজ সাহায্য বিতৰণৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰিবলৈ চেষ্টা অব্যাহত যোগান বিভাগৰ।
ৰাজ্য দৰিদ্ৰ জনতাক একাংশ ব্যৱসায়ীয়ে গ্ৰাহক সকলক আন্ধাৰত ৰাখি এক লুষ্ঠন চলাই গৈছিল।
ইফালে শুক্ৰবাৰে শোণিতপুৰত যোগান বিভাগৰ অনুসন্ধানকাৰী এটা দলে জিলাখনৰ মেচাৰ্ছ চিল্লাবন্ধা জিপিএছএছ ৰ উপস্থিত হৈ তদন্ত কৰি
এপিডিএ আদেশ ১৯৮২ ৰ চৰ্তাৱলী আৰু নিয়মাৱলী উলংঘা তথা দৰিদ্ৰ বাবে অহা চাউল
অবৈধ ভাৱে মজুত ৰখা ৪২৭ কুইন্টল চাউল জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদ এই ব্যৱসায়ী সকলে এনে কাণ্ড সংঘটিত কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।
Leave a Reply